ETV Bharat / briefs

'কা' আৰু 'ইয়া'ৰ বিৰুদ্ধে কলিয়াবৰত প্ৰতিবাদ - Protest Against Kaa and Yaa in Koliabor Nagaon Assam

সংশোধিত নাগৰিকত্ব আইন CAA আৰু প্ৰাকৃতিক প্ৰভাৱ আৰু মূল‍্যায়ন EIAৰ বিৰুদ্ধে মঙলবাৰে কলিয়াবৰত প্ৰতিবাদ সাব্যস্ত কৰে । কৰ'ণাৰ সাৱধানতাৰ প্ৰতি লক্ষ‍্য ৰাখি মঙলবাৰে দুপৰীয়া মানৱ-শৃংখলৰে অৰ্ধ-শতাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ।

:'কা' আৰু 'ইয়া'ৰ বিৰুদ্ধে প্ৰতিবাদ
:'কা' আৰু 'ইয়া'ৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Sep 8, 2020, 10:44 PM IST

কলিয়াবৰ, ৭ চেপ্তেম্বৰঃ মঙ্গলবাৰে সঙ্গীত সূৰ্য‍, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৪ সংখ‍্যক উপজা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ৰাজ‍্যত কৰ'না সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে ৰাজ‍্যবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিলে ভূপেন দাৰ উপজা দিন।

কলিয়াবৰত ভূপেন হাজৰিকাৰ উপজা দিন পালনৰ দিনাই স্বদেশ-স্বজাতিৰ বাবে ৰাজপথলৈ ওলাই আহিল কলিয়াবৰীয়া জনতাৰ একাংশ প্ৰতিনিধি ।

সংশোধিত নাগৰিকত্ব আইন CAA আৰু প্ৰাকৃতিক প্ৰভাৱ আৰু মূল‍্যায়ন EIAৰ বিৰুদ্ধে মঙলবাৰে কলিয়াবৰত প্ৰতিবাদ সাব্যস্ত কৰে । কৰ'ণাৰ সাৱধানতাৰ প্ৰতি লক্ষ‍্য ৰাখি মঙলবাৰে দুপৰীয়া মানৱ-শৃংখলৰে অৰ্ধ-শতাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ ।

কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত মানৱ-শৃংখলৰে কলিয়াবৰ 'কা' বিৰোধী প্ৰতিবাদী মঞ্চই সাব্যস্ত কৰে এই প্ৰতিবাদ। 'কা' আৰু 'ইয়া' বাতিল কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে অখিল গগৈৰো মুক্তিৰ দাবী তোলে । পিচত কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যপাললৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.