নিউজ ডেস্ক, ১২ জুনঃ জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ৰামপুৰ চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত শুকুৰবাৰে পুৱা পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানে। ভাৰতীয় সেনাক উদ্দেশ্যি সৰু অস্ত্ৰ আৰু মৰ্টাৰেৰে আক্ৰমন কৰে পাক সেনাই। ভাৰতীয় সেনাও যুদ্ধবিৰতি উলংঘনৰ উচিত প্ৰত্যুত্তৰ দিয়ে পাকিস্তানক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰে এই কথা।
![Pakistan violates ceasefire in Rampur sector of J-K's Baramulla](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05:03_ceasefirepoonch_june121591961261004-13_1206email_1591961272_876.jpg)
ইয়াৰ এদিন পূৰ্বে পাক সেনাই জিলাখনৰ উৰি চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘন কৰিছিল। উল্লেখ্য যে, বিগত কেইবাসপ্তাহ ধৰি পাকিস্তানে জম্মু-কাশ্মীৰৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাসমূহত ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘন কৰি আছে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে।
লগতে চাওকঃ ৰিপুণ বৰা আৰু ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত কংগ্ৰেছৰ এটা সজাতি দল