ETV Bharat / briefs

কোভিড-১৯ আক্ৰান্ত দেশৰ তালিকাত ১২ নং স্থানত পাকিস্তান

author img

By

Published : Jun 28, 2020, 2:47 PM IST

পাকিস্তানত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ ৪,০৯৮ গৰাকী লোক মৃত্যুমুখত পৰিছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰখনত ৫০০০ গৰাকীৰো অধিক স্বাস্থ্য কৰ্মী কোভিড-১৯ত আক্ৰান্ত হৈছে।

Pakistan
Pakistan becomes 12th country to surpass 2,00,000 coronavirus cases

নিউজ ডেস্ক, ২৮ জুনঃ সমগ্ৰ বিশ্বতে একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে মহামাৰী কোভিড-১৯য়ে । বিশ্বৰ প্ৰায় ২১৩ খন দেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এই ভাইৰাছৰ কৱলত পৰিছে । কোভিড-১৯ আক্ৰান্ত দেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমেৰিকা প্ৰথম স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত ব্ৰাজিল আৰু ৰাছিয়া তৃতীয় স্থানত আছে । একেদৰে, এই মহামাৰীত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এখনৰ পাছত আনখন ৰাষ্ট্ৰক পিচ পেলাই ১২ নং স্থানত আছে পাকিস্তান । পাকিস্তানৰ জিঅ' টিভিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত ২ লাখ লোকৰ দেহত পোৱা গৈছে কোভিড-১৯ৰ উপস্থিতি।

পাকিস্তানত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ ৪,০৯৮ গৰাকী লোক মৃত্যুমুখত পৰিছে । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰখনত ৫০০০ গৰাকীৰ অধিক স্বাস্থ্য কৰ্মী কোভিড-১৯ত আক্ৰান্ত হৈছে । বিগত মাহৰ ৰাষ্ট্ৰখনত লকডাউন কিছু শিথিল কৰি দিয়াৰ পাছতে ক্ৰমাৎ কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ।

উল্লেখ্য যে, ২৩ এপ্ৰিলৰ বিশ্ব স্বাস্থ্য সংস্থাই পাকিস্তানক কোভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া নীতি-নিয়ম শিখিল নকৰিবলৈ সতৰ্ক কৰি দিছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেডৰোচ আধানমে উল্লেখ কৰিছিল যে, "যদি দেশখনৰ অৰ্থনৈতিক সংকট অথবা দৰিদ্ৰতাৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-১৯ৰ সংক্ৰমন ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া নিয়মাৱলী মানি নচলে, তেন্তে জুলাই মাহৰ মাজভাগলৈকে ২ লাখৰো অধিক লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমন হ'ব ।"

কিন্তু, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে লকডাউন বাবে দেশত ভয়াৱহ অৰ্থনৈতিক সংকটে দেখা দিব পাৰে বুলি কৈ লকডাউন শিথিল কৰি দিছিল । যাৰ ফলত প্ৰতিদিনে দেশখনৰ অধিক সংখ্যক লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে বুলি জিঅ' টিভিত প্ৰকাশ পাইছে ।

লগতে পঢ়কঃ পাকিস্তানে সদিচ্ছাৰ নামত মৰীচিকাৰ সৃষ্টি কৰি আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.