ETV Bharat / briefs

শদীয়াৰ পৰা ধুবুৰীলৈ ঈদৰ উছাহ - ETV_ASSAM

ৰমজানৰ অন্তত পৱিত্ৰ ঈদ উল ফিতৰ উপলক্ষ্যে বুধবাৰে ব্যাপক উছাহ পৰিলক্ষিত হ'ল ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ মাজত

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈদৰ উছাহ
author img

By

Published : Jun 5, 2019, 8:40 PM IST

নিউজ ডেক্স,৫ জুনঃ আজি পৱিত্ৰ ঈদ উল ফিতৰ । ৰমজানৰ মাহজোৰা ৰোজাৰ অন্তত বুধবাৰে ব্যাপক আয়োজন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে এই পৱিত্ৰ ৰোজা ভঙা উৎসৱ ৷ আজিৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তত দেখা গ'ল ঈদৰ ব্যাপক উছাহ । নগাঁৱৰ জাজৰীত ঈদ উল ফিতৰ উপলক্ষ্যে আয়োজন কৰিছে সমূহীয়া নামাজ । জাজৰি ঈদগাহ ময়দানলৈ ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে শিশুৰ পৰা বৃদ্ধলৈকে সকলো ।ৰঙিয়াতো সেইদৰে কেন্দ্ৰীয় ঈদগাহ উদযাপন সমিতি, ৰঙিয়াৰ উদ‍্যোগত ইদগাহ ময়দানত আৰু তুলসিবাৰী আঞ্চলিক ঈদগাহ ময়দানত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ সামূহিক নামাজ পঢ়ে। বিলাসীপাৰাতো সেইদৰে উলহ মালহৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ । ব্যতিক্ৰম নহ'ল বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চল । দক্ষিণ বাইহাটা চাৰিআলি ঈদ গাহ ময়দানত, চাংসাৰি,কমলপুৰ ,দিগুণপাৰ আদি ময়দান সমূহতো দেখা গ'ল ঈদৰ সমূহীয়া নামাজ । নামাজৰ পিচতে বিভিন্ন তত্ব কথা ব্যাখ্যা কৰা দেখা গ'ল ইমাম সকলৰ । নামাজৰ পিচতে ইজনে সিজনক আলিংগন কৰি জনালে ঈদৰ শুভেচ্ছা । সেইদৰে ঐতিহ্যবাহি কৰিমগঞ্জ টাউন ঈদগাহত ঈদৰ নামাজ পৰিচালনা কৰে মুম্বাইৰ পৰা অহা বিশিষ্ট ইছলামী চিন্তাবিদ হজৰত মৌলানা ৰাজীন আছৰাফ নদৱয়ী ছাহেবে | য'ত অংশগ্ৰণ কৰে কৰিমগঞ্জ চহৰৰ কেইবা সহস্ৰাধিক ইছলাম ধৰ্মালম্বী লোকে | খাৰুপেটীয়াৰ বেলতলিতো সেইদৰে সম্পন্ন হয় ঈদৰ নামাজ । অঞ্চলটোৰ দৰঙৰ সৰ্ববৃহৎ বেলতলি ঈদগাহ ময়দানত অংশগ্ৰহণ কৰে ২০ সহস্ৰাধিক লোকে । একেদৰে দলগাঁও জামে মছজিদ ,খাৰুপেটীয়া জামে মছজিদতো হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰি ঈদ উল ফিতৰৰ সমূহীয়া নামাজ সম্পন্ন কৰে । অভয়াপুৰীতো উদযাপিত হয় প্ৰেম আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ-উল-ফিটৰ।ঈদ-উল-ফিতৰ উপলক্ষে অভয়াপুৰী ৰৌমাৰী ইদগাহ শ্বৰীফত অনুষ্ঠিত হয় সমূহীয়া নামাজ। বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰতো উলহ মালহেৰে ঈদ উদযাপন কৰে । বিটিচি প্ৰধান হাগ্ৰামা মাহিলাৰীও কোকৰাঝাৰ চিটিলা বিনাচাৰা ঈদগা মৈদানত সমূহীয়া নামাজত ভাগ লয় ৷বৰপেটাৰ ঈদগাহ ময়দানতো ঈদৰ সমুহীয়া নামাজ অনুষ্ঠিত হয় ৷ বৰপেটা চহৰৰ খাদেমূল ইছলাম সমাজৰ উদ্যোগত ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা সমুহীয়া নামাজত ভাগ লয় চহৰখনৰ হাজাৰোধিক ইছলাম ধৰ্মাৱলম্বী লোকে ।কামৰূপ জিলাৰ হাজোৰ বৰ্নিত মহা ধুমধামেৰে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰা হয় .ঈদগাহ ময়দানত হাজাৰ হাজাৰ ইছলাম ধৰ্মালম্বী লোকে মিলিত হৈ ঈদৰ নামাজ আদায় কৰে । এই নামাজ পৰিছালনা কৰে কামৰূপ,নলবাৰী, বৰপেটা জিলাৰ শ্বৰীফত সুৰক্ষা সমিতিৰ সভাপতি মৌলনা চফিকুৰ ৰহমান কাছিমী চাহেবে। নামাজ আদায় কৰি সকলোৱে বিশ্ব শান্তিৰ বাবে আল্লাহ তাল্লাহৰ ওচৰত দোৱা কৰে ।বঙাইগাঁও-চিৰাং জিলাত ঈদ উল ফিতৰৰ সমূহীয়া নামাজ । এই সমূহীয়া নামাজত অংশগ্ৰহন কৰে বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে । বাণিজ্যিক চহৰ তিনিচুকীয়াতো ইছলাম ধৰ্মাৱলম্বীলোক সকলে একত্ৰিত হৈ ঈদৰ সমূহীয়া নামাজ পঢ়ি ভাতৃত্ববোধৰ আলিংগন কৰে ৷এনেদৰেই অসমৰ প্ৰান্তে প্ৰান্তে বুধবাৰৰ দিনটোত ঈদ উল ফিতৰ উপলক্ষ্যে পৰিলক্ষিত হ'ল উছৱমুখৰ পৰিৱেশ ।

Intro:নগাঁৱৰ জাজৰীত পবিত্ৰ ঈদুলফিতৰৰ সমূহীয়া নামাজ। শিশুৰ পৰা বৃদ্ধলৈ সকলো উলাই আহিল সমূহীয়া নামাজলৈ ।Body:পবিত্র ৰমজান মাহৰ এমাহ জোৰা ৰোজাৰ পিছত আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদুলফিতৰ । সেয়ে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত এতিয়া সীমা হীন আনন্দ । এই দৃশ্য নগাঁও জিলাৰ জাজৰিৰ । পুৱা দেখিবলৈ পোৱা গৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বগা পাঞ্জাৱী পিন্ধি উলাই আহিছে জাজৰি ঈদগাহ ময়দামলৈ ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ । হাজাৰ হাজাৰ লোকে জাজৰি ঈদগাহ মৈদামৰ পৰাই আল্লাৰ উচৰত বিশ্ব শান্তিৰ বাবে মাগিলে দোৱা ।সকলোৰে এটাই আশা পবিত্ৰ ঈদে সমাজ জীৱনলৈ আনক ঐক্য আৰু শান্তি ।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.