নিউজ ডেস্ক, 30 ছেপ্তেম্বৰ: ইন্দোনেছিয়াৰ বালি ৷ সপোনৰ দৰেই সুন্দৰ এখন ঠাই ৷ শান্ত নীলা সমুদ্ৰ, প্ৰাকৃতিৰ অনাবিল সৌন্দৰ্যৰে ভৰা এটা দ্বীপ ৷ সেইখন দ্বীপতে আছে বেংকোলা গাঁও ৷ বালিৰ পৰা উত্তৰৰ দিশে অৱস্থিত ৷ গাঁওখন এটা অদ্ভুত বৈশিষ্টৰে ভৰা ৷ ইয়াৰে কোনো লোকেই মুখেৰে শব্দ কৰি কথা নকয় ৷ সমগ্ৰ গাঁৱৰ মানুহে কেৱল ইংগিতেৰেই কথা পাতে ৷ বাহিৰৰ জগতৰ মানুহৰ মাজত এই গাঁৱৰ পৰিচয় হৈছে বধিৰৰ গাঁও ৷ তেওঁলোকৰ সাংকেতিক ভাষা নাম হৈছে "কাটা কোলক ৷" যাৰ অৰ্থ বধিৰৰ কথা ৷
প্ৰায় শহস্ৰাধিক লোকৰ বসতি আছে গাঁও খনত ৷ কিন্তু বিগত বহু বছৰৰ পৰাই গাঁও খনৰ প্ৰায়বোৰ লোকেই বধিৰ হিচাপে জন্মগ্ৰহণ কৰি আহিছে ৷ প্ৰতি 50 টা শিশুৰ মাজত এজন বধিৰ থাকে গাঁও খনত ৷ সেইবাবেই সেই গাঁৱৰ লোকে প্ৰস্তুত কৰি লৈছে সাংকেতিক ভাষা ৷ কেৱল সাংকেতিক ভাষাই নহয়, গাঁও খনত প্ৰচলিত হৈ আহিছে বধিৰ সকলৰ বিশেষ নৃত্যও ৷ সেই নৃত্যৰ নাম হ'ল "জাঞ্জেৰ কোলক ৷" সেই নৃত্য চাবলৈ দেশ-বিদেশৰ বহু লোকে ভিৰ কৰেহি সেই স্থানত ৷
লগতে পঢ়ক: জনা-নজনা: মূৰ কটা গ'লেও প্ৰাণ নোযোৱা জীৱবিধ