পাঠশালা,14 জুন: বিটিচি দখল কৰি হাগ্ৰামাৰ ছিণ্ডিকেট উৎখাত কৰাৰ সংকল্প নৱ শৰণীয়াৰ ৷ আজি বৰপেটাৰ পাঠশালাত অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সভাত হাগ্ৰামা মহিলাৰীক দাঁত আৰু নখ ক্ষয় যোৱা বুঢ়া বাঘৰ লগত তুলনা কোকৰাঝাৰৰ নৱ-নিৰ্বাচিত সাংসদ গৰাকীৰ ৷ লগতে এইবাৰ কেৱল কোকৰাঝাৰ নহয়,হাগ্ৰামাক ক্ষমতাচ্যুত কৰি সমগ্ৰ বিটিচি দখল কৰাৰ হুংকাৰ নৱ কুমাৰ শৰণীয়াৰ ৷ নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামাই নৱ কুমাৰ শৰণীয়াক মতা নে মাইকী বুলি কটাক্ষ কৰা প্ৰত্যুত্তৰত শৰণীয়াই তেওঁক বুঢ়া বাঘৰ লগত তুলনা কৰে ৷
আগন্তুক বিটিচি নিৰ্বাচনত অনা বড়োৰ হাতত ক্ষমতা নাহিলে সেইয়া মৃত্যু বৰণ কৰাৰ দৰে হ'ব বুলি প্ৰকাশ কৰে কোকৰাঝাৰৰ সাংসদ গৰাকীয়ে ৷ লগতে বিটিচিৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ নামত এইবাৰ নিজৰ দৰমহাৰ 1 লাখ টকা আগবঢ়াব বুলিও সভাত উল্লেখ কৰে নৱ কুমাৰ শৰণীয়াই ৷