ETV Bharat / briefs

পাকিস্তানত জুৱা খেলত অংশগ্ৰহণৰ অপৰাধত আটক এটা গাধ

author img

By

Published : Jun 26, 2020, 10:14 PM IST

পাকিস্তানত এখন জুৱা খেলত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ হয় এটা গাধ । পাকিস্তানৰ পঞ্জাৱ সীমান্তৰ ৰহিম য়াৰ খানত আৰক্ষীয়ে ৮ জন জুৱাৰীৰ সৈতে গাধটোক আটক কৰে । সংবাদদাতা নেলা ইনায়তে জুৱা খেলত অংশগ্ৰহণ কৰা অন্য লোকৰ সৈতে গাধটোৰ ভিডিঅ' টুইটাৰযোগে শ্বেয়াৰ কৰে ।

পাকিস্তানত জুৱা খেলত অংশগ্ৰহণৰ অপৰাধত আটক এটা গাধ
পাকিস্তানত জুৱা খেলত অংশগ্ৰহণৰ অপৰাধত আটক এটা গাধ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ জুন : পাকিস্তানত সংঘটিত হৈছে এক অস্বাভাৱিক আৰু আশ্চৰ্যকৰ ঘটনা । এখন জুৱা খেলত অংশ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হয় এটা গাধ । সংবাদদাতা নেলা ইনায়তে জুৱা খেলত অংশগ্ৰহণ কৰা অন্য লোকৰ সৈতে গাধটোৰ ভিডিঅ' টুইটাৰযোগে শ্বেয়াৰ কৰে । টুইটযোগে তেওঁ সম্পূৰ্ণ ঘটনাৰ বিৱৰণ দি পাকিস্তানৰ এটি সংবাদ সংস্থা সামা টিভিৰ এটি লিংকো শ্বেয়াৰ কৰে ।

পাকিস্তানৰ পঞ্জাৱ সীমান্তৰ ৰহিম য়াৰ খানত আৰক্ষীয়ে ৮ জন জুৱাৰীৰ সৈতে গাধটোক আটক কৰে বুলি জানিব পৰা গৈছে । জুৱা খেলৰ স্বত্বাধিকাৰে জুৱাৰীকেইজনৰ পৰা ১ লাখ টকা আদায় কৰে ।

আৰক্ষীয়ে জনোৱা মতে, জুৱাৰীকেইজনৰ সৈতে গাধটোৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে । সংবাদদাতাগৰাকীয়ে ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছতে তেওঁৰ পোষ্টটিত বহু লোকে ধেমেলীয়া সুৰেৰে কমেণ্ট কৰা পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.