ছিপাঝাৰ,১০মে' : ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দুনী গাঁৱত গৰাখহনীয়া ৰোধৰ নামত দুৰ্নীতি । বিধায়ক বিনন্দ শইকীয়াৰ গৃহ পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত বহু দুৰ্নীতি চলি আহিছে বুলি অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে ।
উল্লেখ্য যে,দিপীলাৰ দিমিলা নদীৰ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে আৱণ্টন কৰিছিল বৃহৎ পৰিমাণৰ ধন । কিন্তু জনৈক নাথ নামৰ ঠিকাদাৰজনে নদীখনৰ কোনোবা ঠাইত নামফলক আঁৰি আৰু কোনোবা ঠাইত আকৌ কাম নকৰাকৈয়ে লুটিছে ধন । যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী । কিয়নো, বাৰিষা অহাৰ লগে-লগেই দিমিলা নদীত বৃদ্ধি পাইছে গৰাখহনীয়া । গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰা পৰিস্থিতিৰো সৃষ্টি হৈছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে । আনহাতে, অতি শীঘ্ৰে যদি দিমিলা নদীৰ গৰাখহনীয়া ৰোধৰ বাবে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অঞ্চলবাসী পানীৰ তলত বুৰ যাব লাগিব বুলি উল্লেখ কৰে অঞ্চলবাসীয়ে ।