ETV Bharat / briefs

ৰহাত কোভিড আক্ৰান্ত ৰেলৱেৰ অভিযন্তাৰ মৃত্যু

author img

By

Published : Sep 7, 2020, 7:12 PM IST

ৰহাত কোভিড আক্ৰান্ত হৈ এগৰাকী ৰেলৱেৰ অভিযন্তা চিকিতসাৰত অৱস্থাতে মৃত্যুক সাৱটি লয় সোমবাৰে । অভিযন্তাজনৰ মৃত্যুত শোকৰ ছা পৰিছে অঞ্চলটোত ।

ৰহাত কোভিড আক্ৰান্ত ৰেলৱেৰ অভিযন্তাৰ মৃত্যু
ৰহাত কোভিড আক্ৰান্ত ৰেলৱেৰ অভিযন্তাৰ মৃত্যু

ৰহা, ৭ চেপ্তেম্বৰঃ ৰহাত কোভিড-19 ত আক্ৰান্ত হৈ আজি মৃত্যু হয় উত্তৰ পূব সীমান্ত ৰেলৱেত কৰ্মৰত এজন অভিযন্তাৰ । কৰনাত আক্ৰান্ত হৈ ঘৰতেই চিকিৎসা কৰি আছিল অভিযন্তা বিনয় দেওৰজাই । দেওবাৰে নিশা সংকটজনক অৱস্থাত লোকজনক নগাঁৱলৈ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে লৈ যায় যদিও লোকজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে । আজি পুৱা হাস্পতালতে অভিযন্তা গৰাকীৰ মৃত্যু হয় । পিচত বাৰপূজীয়াৰ খাপলাংকুছিৰ পথাৰত কোভিড প্ৰটকলৰ মাজত পৰিয়ালৰ লোকে মৃতদেহ সৎকাৰ কৰে । তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.