ETV Bharat / briefs

কৰ'ণাতংক: অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত গ্ৰন্থ উন্মোচন

author img

By

Published : Jun 4, 2020, 7:18 PM IST

ভয়াৱহ কোভিড-১৯ৰ সময়ছোৱাত বিভিন্নজনৰ মানসিক অশান্তিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মানসিক ৰোগ চিকিৎসা বিভাগৰ চিকিৎসকৰ তিনিজনীয়া এটি দলে উন্মোচন কৰে "প্ৰতিকূল সময় আৰু ল'বলগীয়া মানসিক যতন" শীৰ্ষক কিতাপ । লগতে এই সন্দৰ্ভত ৰাজ্যৰ অন্য কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ পৰা অনলাইনযোগে সংযোগ স্থাপন কৰে মানসিক ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে ।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত গ্ৰন্থ উন্মোচন

ডিব্ৰুগড়, ৪ জুন: কোভিড-19ৰ চিকিৎসাৰ অত্যন্ত ব্যস্ততাৰ মাজতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ একাংশ চিকিৎসকে গ্ৰহণ কৰিছে সময়োপযোগী এক গুৰুত্বপূৰ্ণ পদক্ষেপ । কৰ'ণাতংকৰ ভয়াৱহতাক লৈ বিশ্বযোৰা সন্ত্ৰাস অব্যাহত থকাৰ সময়তে এই আতংকই বিভিন্নজনৰ মনত বিভিন্ন ধৰণে ক্ৰিয়া কৰাও পৰিলক্ষিত হৈছে । এনে মানসিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মানসিক ৰোগ চিকিৎসা বিভাগৰ চিকিৎসকৰ তিনিজনীয়া এটি দলে সম্পাদনা কৰি উলিয়াইছে "প্ৰতিকূল সময় আৰু ল'বলগীয়া মানসিক যতন" শীৰ্ষক এখন সময়োপযোগী কিতাপ ।

ভাৰতীয় মানসিক ৰোগ বিশেষজ্ঞ চিকিৎসক অসম শাখাৰ উদ্যোগত প্ৰকাশ কৰা এই কিতাপখন বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উন্মোচন কৰা হয় । কৰণাৰ এই ভয়াৱহ সময়ছোৱাত ভিন্ন জনৰ ভিন্ন মানসিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপযোগী হোৱাকৈ কেইবাটাও লেখা সন্নিৱিষ্ট কৰা হৈছে কিতাপখনত।

চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ হিৰণ্য কুমাৰ গোস্বামী,অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপ অধীক্ষক ডাঃ অজন্তা হাজৰিকা,অনলাইন যোগে মানসিক ৰোগ বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ডাঃ লখিমী বুঢ়াগোহাঁইৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ কেইবাগৰাকী চিকিৎসক উপস্থিত থাকে এই অনুষ্ঠানটিত । উল্লেখ্য যে,এই উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ আন কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ পৰা অনলাইনযোগে সহযোগ স্থাপন কৰে মানসিক ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে ।

লগতে পঢ়ক: তামিলনাডুত নৰ বলিৰ ঘটনাঃ গ্ৰেপ্তাৰ দুই মহিলা তান্ত্ৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.