ETV Bharat / briefs

২০২২ ৰ আগষ্টত হলঙি বিমানবন্দৰৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ আশ্বাস মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ - হলঙি বিমানবন্দৰ বাতৰি

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগত হলঙি অঞ্চলত নিৰ্মান কার্য চলি আছে হলঙি বিমানবন্দৰৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশ ভ্ৰমণৰ সময়ত এই গ্ৰীণফিল্ড বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল ।

Arunachal CM Pema Khandu visits Halangi Airport
২০২২ ৰ আগষ্টত হলঙি বিমানবন্দৰৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ আশ্বাস মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ
author img

By

Published : Nov 13, 2020, 9:40 PM IST

তেজপুৰ, ১৩ নৱেম্বৰ: শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ডঃ ব্ৰিগেদিয়েৰ বি ডি মিশ্ৰৰে সাক্ষাৎ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। ৰাজ্যৰ আইন শৃংখলা সন্দৰ্ভত ৰাজ্যপাল গৰাকীৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী খাণ্ডুৱে। ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশৰ হলঙি বিমানবন্দৰৰ নিৰ্মানকাৰ্যও পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Arunachal CM Pema Khandu visits Halangi Airport
২০২২ ৰ আগষ্টত হলঙি বিমানবন্দৰৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ আশ্বাস মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগত হলঙি অঞ্চলত নিৰ্মান কার্য চলি আছে বিমানবন্দৰটোৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশ ভ্ৰমণৰ সময়ত এই গ্ৰীণফিল্ড বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল । ভাৰতীয় বিমানবন্দৰ প্ৰধিকৰণে নিৰ্মাণ কৰি থকা এই বিমান বন্দৰ মুঠ ৩২০ হেক্টৰ মাটিকালিত বিস্তৃত হৈ আছে।

এই বিমানবন্দৰ প্ৰকল্প অনুসৰি ২৩০০ মিটাৰ ৰান ৱে নতুনকৈ নিৰ্মান আৰু এটা টাৰ্মিনেল ঘৰ মুঠ ৫,১০০ বৰ্গ মিটাৰ সামৰি প্ৰায় ২০০ যাত্ৰীৰ বাবে ব্যৱস্থা কৰিছে আৰু ইয়াৰ লগতে এয়াৰ ট্ৰেফিক কণ্ট্ৰোল ফাইভাৰ পৃথক ভাৱে ৰখা হ'ব আৰু দুখন এয়াৰ ক্ৰাফ্ট A321 ৰাখিব পৰা কৈ ১১৫ মিটাৰ আৰু ১০৬ মিটাৰ দীৰ্ঘ সামৰি এই নিৰ্মাণ কাৰ্য চলি আছে ।

এই বিমানবন্দৰ অহা ২০২২ চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি ৰাজ্যপালক অৱগত কৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । আনহাতে এই হলঙি গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে যি সকল লোকক উক্ত অঞ্চলৰ পৰা স্থানান্তৰিত কৰা হৈছিল সেই লোক সকলক পুনৰ সংস্থাপনৰ বাবে অঞ্চলটো পৰিদৰ্শন কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ তথা খোৱা পানীৰ যোগানৰ বিষয়ে বুজ লয় ।

লগতে পঢ়কঃমহাজোঁট অবিহনে বিজেপিক প্ৰতিহত কৰা অসম্ভৱঃ অজিত ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.