ETV Bharat / briefs

কংগনা ৰাণাৱটৰ বিৰুদ্ধে সৰৱ কিয শিৱসেনাৰ নেতা ? - অভিনেত্ৰী কংগনা ৰাণাৱট

কংগনা ৰাণাৱটে মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰাৰ পিচতে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে গৰজি উঠিছে শিৱ সেনাৰ নেতা সঞ্জয় ৰাউটে । মহাৰাষ্ট্ৰ চৰকাৰৰ মহানগৰ আৰক্ষীক অপমান কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

কংগনা ৰাণাৱটৰ বিৰুদ্ধে সৰৱ কিয শিৱসেনাৰ নেতা ?

author img

By

Published : Sep 4, 2020, 7:03 PM IST

মুম্বাই, ৪ চেপ্তেম্বৰঃ মুম্বাইক পাকিস্তান অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰাৰ বাবে অভিনেত্ৰী কংগনা ৰাণাৱটক সমালোচনা কৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে । শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ যান বাহন আৰক্ষীক অপমান কৰা লোসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাই নেতা জনে । তেওঁ কংগণা ৰাণাৱটক প্ৰথমে পাক অধিকৃত কাশ্মীৰ ভ্ৰমণ কৰি তাৰ পৰিস্থিতি দৰ্শন কৰিবলৈ আহ্বান জনায় ।

এক টুইটত কংগনাই প্ৰশ্ন কৰিছিল যে, মুম্বাইত কিয় পাকিস্তান অধিকৃত কাশ্মীৰৰ দৰে অনুভৱ হৈছে? তেওঁ চেপ্তেম্বৰৰ ১ তাৰিখে এটা নিউজ টেগ কৰিছিল যত সঞ্জয় ৰাউটে কৈছিল যে, কংগনাই যদি মহানগৰীৰ আৰক্ষীলৈ ভয় কৰে তেনেহলে মুম্বাই লৈ ঘূৰি নাহে । সাংবাদিকৰ আগত মন্তব্য কৰাৰ সময়ত ৰাউটে শুকুৰবাৰে কয় যে, মুম্বাই আৰক্ষীয়ে মহানগৰখনক সকলো বাধাৰ পৰা ৰক্ষা কৰি আছে, সেয়াই তেওঁলোকৰ জীৱন হৈ পৰিছে ।

মুম্বাই খন মহাৰাষ্ট্ৰৰ এটা অংশ । এই মহানগৰ খনত যদি কৰিব লগা একো নাই তেনেহলে আৰক্ষীক দোষাৰোপ কৰি থকা লোকসকলক গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰা উচিত । অন্যথা আৰক্ষীৰ লোকসকলৰ মনোবল হ্ৰাস পাব ।

তেওঁ দাবী কৰে যে, মুম্বাই আৰক্ষীৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে ষড়যন্ত্ৰ চলিছে মই নাম নলও। কিন্তু মই গোৱাল গালি পৰা নাই । মই শিৱ সেনা হিচাপে পদক্ষেপত বিশ্বাসী । ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু গৃহবিভাগে উচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত এই ক্ষেত্ৰত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.