ETV Bharat / breaking-news

মহানগৰীত শ্বদীদ ন্যাসৰ সন্মুখত আবতৰীয়া বিহু পাতিলে আছুৱে

author img

By

Published : Feb 13, 2019, 5:49 PM IST

Breaking News

2019-02-13 16:45:58

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যযুৰি প্ৰতিবাদ অব্যাহত আছে । বুধবাৰে ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱাৰ পিচতে এতিয়া ৰাজ্যবাসীৰ মাজত পাৰভঙা উচাহ দেখিবলৈ পোৱা গৈছে ।

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰীঃ লোকসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বুধবাৰে ৰাজ্যসভাত উত্থাপন হোৱাৰ কথা আছিল । বিগত দুদিন ধৰি বিৰোধী দলসমূহে বিধেয়কখনক লৈ ৰাজ্যসভা উত্তাল কৰি ৰখাৰ পিচতে আজি বিধেয়কখন উত্থাপন কৰাৰ পৰা বিৰত থাকে বিজেপি দল । ইয়াৰ লগতে বিৰোধীৰ প্ৰতিবাদত ৰাজ্যসভাৰ কাম-কাজ সাময়িকভাৱে স্তব্ধ হৈ পৰে । 

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পিচতে ৰাজ্যবাসীৰ মাজত উচাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে । সদৌ অসম ছাত্ৰ সন্থাই মহানগৰীৰ শ্বহীদ ন্যাসৰ সন্মুখত মিঠাই বিতৰণ কৰি, ফটকা ফুটাই, বিহু গাই বিজয় উল্লাস পালন কৰে । 

ইয়াৰ উপৰিও এই জয় উত্তৰ পূববাসী ৰাইজৰ সন্মিলিত প্ৰতিবাদৰ প্ৰতিদান বুলি উল্লেখ কৰে ছাত্ৰ সন্থাৰ নেতৃত্বই । লগতে অনাগত দিনত জাতিবিৰোধী কাম কৰিলে লোকসভা নিৰ্বাচনত ইয়াৰ ভয়ংকৰ প্ৰতিদান লাভ কৰিব বুলি বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিয়ে সংগঠনৰ নেতৃত্বই ।  

Intro:নাগৰিকত্ব বিধেয়ক উত্থাপন নোহোৱাত আনন্দ উলাহে নধৰা শ্বহীদ ন্যাস ভৱনত।

Body:ফটকা ঢোলেৰে কৰিছে উল্লাহ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.