তিনিচুকীয়া, 17 আগষ্ট : বাঘজানৰ ঘটনাস্থলীত বিশেষজ্ঞৰ দলে স্থাপন কৰিলে বিশেষ BOP ৷ এতিয়াৰে পৰাই এই BOPৰ সহায়ত জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হ'ব ৷ 83 দিনৰ অন্তত বাঘজান তৈলক্ষেত্ৰৰ BGR-5ত BOP স্থাপনত সফল অইল কৰ্তৃপক্ষ ৷ তৃতীয়বাৰত BOP স্থাপন কৰিবলৈ সক্ষম হয় বিশেষজ্ঞৰ দল ৷ কাইলৈ অভিশপ্ত বাঘজানৰ জুই নিৰ্বাপিত হোৱাৰ দিশে আৰু ইয়াৰ বাবে ইতিমধ্যে 50 শতাংশ কাম সম্পূৰ্ণ কৰিছে অইলে ৷ কাইলৈ বিশেষ কাৰিকৰী কৌশল প্ৰয়োগ কৰি নিৰ্বাপিত কৰিব জুই ৷
লগতে পঢ়কঃ বাঘজান তৈলক্ষেত্ৰত অইলৰ শেষ যুদ্ধৰ প্ৰস্তুতি