ETV Bharat / bharat

FIFA world Cup 2022: বিশ্বকাপৰ উন্মাদনা ! খেল চাবলৈ ২৩ লাখত ঘৰ ক্ৰয় কেৰালাৰ যুৱকৰ - fans purchased house to watch football world cup

ষ্টেডিয়ামত বহি পোনপটীয়াকৈ বিশ্বকাপৰ মেচ উপভোগৰ অভিজ্ঞতায়ে সুকীয়া । হাজাৰ হাজাৰ দৰ্শকৰ হৰ্যোল্লাসৰ মাজত ফুটবল মেচ উপভোগৰ সমান আনন্দ নাই । কিন্তু সেয়াতো সকলোৰে বাবে সম্ভৱ নহয় । কেৰালাৰ এৰ্নাকুলামৰ ১৭ জন যুৱকে ২৩ লাখ টকা সংগ্ৰহ কৰি মানুহে ফুটবল বিশ্বকাপ চাবলৈ যাবৰ বাবে এটা ঘৰ ক্ৰয় কৰিছে (fans purchased house to watch football world cup) ।

World Cup
World Cup
author img

By

Published : Nov 25, 2022, 7:39 PM IST

নিউজ ডেস্ক, ২৫ নৱেম্বৰ : আৰম্ভ হৈছে বিশ্বকাপ ফুটবলৰ উন্মাদনা (FIFA World Cup 2022) । বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফুটবল উন্মাদসকলে বিশ্বকাপৰ আমোদ ল'বলৈ বিভিন্ন উপায় অৱলম্বন কৰিছে । নিজ দেশক সমৰ্থন আগবঢ়াবলৈ সামৰ্থবান এচামে গৈ কাটাৰত ভিৰ কৰিছেহি । আনহাতে, যিসকলে পোনপটীয়া সম্প্ৰচাৰ চোৱাৰ সুবিধা লাভ কৰা নাই তেওঁলোকে টেলিভিছনৰ পৰ্দাতে নিজৰ প্ৰিয় ফুটবলাৰসকলৰ দুই ভৰিৰ যাদু চোৱাত ব্যস্ত হৈ পৰিছে (Qatar Football world cup) ।

বিশ্বকাপৰ উন্মাদনা ! খেল চাবলৈ ২৩ লাখত ঘৰ ক্ৰয় কেৰালাৰ যুৱকৰ

তাৰ মাজতে আকৌ যিসমূহ দেশৰ পৰা বিশ্বকাপত অংশগ্ৰহণ কৰা নাই সেই দেশবোৰৰ ফুটবল অনুৰাগীসকলে নিজৰ পছন্দৰ দেশখনৰ সমৰ্থনত খেল উপভোগ কৰিছে । আমাৰ দেশেও বিশ্বকাপ ফুটবলত অংশগ্ৰহণৰ যোগ্যতা এতিয়ালৈকে অৰ্জন কৰিব পৰা নাই যদিও এই দেশতো আছে বিশ্বকাপৰ অগণন অনুৰাগী । তেওঁলোকেও নিজ নিজ পছন্দৰ দেশক সমৰ্থন আগবঢ়াইছে ।

অৱশ্যে ষ্টেডিয়ামত বহি পোনপটীয়াকৈ বিশ্বকাপৰ মেচ উপভোগৰ অভিজ্ঞতায়ে সুকীয়া । হাজাৰ হাজাৰ দৰ্শকৰ হৰ্যোল্লাসৰ মাজত ফুটবল মেচ উপভোগৰ সমান আনন্দ নাই । কিন্তু সেয়াতো সকলোৰে বাবে সম্ভৱ নহয় । তথাপি দেশত বহিয়েই ষ্টেডিয়ামৰ দৰে পৰিৱেশ ৰচনা কৰি ডাঙৰ খেলপথাৰত ফুটবল চোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিছে কেৰালাৰ একাংশ ফুটবলপ্ৰেমীয়ে । কেৰালাৰ এইসকল ফুটবলপ্ৰেমীয়ে বিশাল পৰ্দা স্থাপন কৰি ৰাজ্যৰ প্ৰতিটো কোণতে গেলাৰীৰ অভিজ্ঞতা প্ৰদানৰ উপায় বিচাৰিছে, য'ত অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় দলবোৰৰ বাবে একত্ৰিত হ'ব পাৰে আৰু উল্লাস কৰিব পাৰে (Youths buy a house to watch world cup football) ।

কেৰালাৰ এৰ্নাকুলামৰ কাংগাৰাপেডিকাৰ কেইজনমান ফুটবলোন্মাদ অনুৰাগীয়ে গেলাৰীৰ প্ৰেমত এখোজ আগুৱাই গৈছে । কাংগাৰাপেডিকাৰ ১৭ জন যুৱকে ২৩ লাখ টকা সংগ্ৰহ কৰি মানুহে ফুটবল বিশ্বকাপ চাবলৈ যাবৰ বাবে এটা ঘৰ ক্ৰয় কৰিছে (fans purchased house to watch football world cup) ।

ঘৰটো এতিয়া এটা ডাঙৰ স্মাৰ্ট টিভিৰ সৈতে এটা মিনি থিয়েটাৰ হললৈ পৰ্যৱসিত হৈছে । আৰু তাত ফুটবল অনুৰাগীসকলৰ বাবে খেলবোৰ চাবলৈ চকীৰো ব্যৱস্থা কৰা হৈছে । তেওঁলোকে ঘৰটো বিভিন্ন ফুটবল খেলুৱৈৰ ছবি আৰু বিশ্বকাপত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰৰ পতাকাৰে সজাই তুলিছে (Ernakulam crazy fans football house) । বৰ্তমান আবাল-বৃদ্ধ-বণিতাকে ধৰি ফুটবল ভালপোৱা সকলোৱে বিশ্বকাপৰ খেল চাবলৈ এই 'ফুটবল হাউছ'ত একত্ৰিত হয় । লগতে কাটাৰত গেলাৰীবোৰে আগবঢ়োৱা উন্মাদনাৰ দৰেই তাতো ফুটবল উন্মাদনাৰ সৃষ্টি হয় ।

"সকলোৱে তেওঁলোকৰ ঘৰত বা মোবাইল ফোনত খেলখন চাব পাৰে । কিন্তু যেতিয়া আপুনি ভিৰৰ মাজত খেলখন চায়, তেতিয়া যি সুখ আৰু শিহৰণ প্ৰদান কৰে সেয়া অতুলনীয় । ঘৰটো ক্ৰয় কৰাটো এটা পূৰ্বপৰিকল্পিত ধাৰণা নাছিল । যেতিয়া বিশ্বকাপৰ খেল আৰম্ভ হৈছিল আমি হঠাতে এনে এটা ধাৰণা ভাবিছিলো আৰু তাৰ বাবে আগবাঢ়ি গৈছিলো । বিশ্বকাপ শেষ হোৱাৰ পিছত আমি এই ঘৰটো ভাঙি দিম আৰু এটা সাংস্কৃতিক আৰু ক্ৰীড়া কেন্দ্ৰৰ বাবে আন এটা ভৱন নিৰ্মাণ কৰিম ।" ঘৰটো ক্ৰয় কৰা এগৰাকী যুৱকে এনেদৰে কয় ।

লগতে পঢ়ক :FIFA World Cup fever : আৰ্জেণ্টিনা ফুটবল দলৰ ব্যতিক্ৰমী সমৰ্থক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.