ETV Bharat / bharat

অনলাইনযোগে বিজ্ঞাপন প্ৰকাশ কৰি প্ৰতাৰণাৰ বলি যুৱক - গৰু বিক্ৰী

অনলাইন এপযোগে বিজ্ঞাপন দি গৰু বিক্ৰী কৰিবলৈ গৈ সাঁচতীয়া ১ লাখ টকা হেৰুৱালে ভূৱনেশ্বৰৰ এজন যুৱকে । দেৱাশীষ চাহু নামৰ যুৱকজনৰ পৰা গৰু ক্ৰয় কৰাৰ অচিলাৰে চাইবাৰ অপৰাধীয়ে ৫ বাৰকৈ তেওঁৰ ফোন নম্বৰলৈ কিউ আৰ ক'ড প্ৰেৰণ কৰি স্কেন কৰিবলৈ কৈছিল । ইয়াৰ পিছতে যুৱকজনৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে ১ লাখ টকা হৰলুকি কৰে ।

অনলাইনযোগে গৰু বিক্ৰীৰ বিজ্ঞাপন দি প্ৰতাৰণা বলি হ'ল যুৱক

author img

By

Published : Mar 16, 2021, 5:22 PM IST

নেশ্যনেল ডেস্ক,১৬ মাৰ্চ: গৰু বিক্ৰী কৰাৰ উদ্দেশ্যেৰে অনলাইন মাধ্যমেৰে বিজ্ঞাপন দি প্ৰতাৰণা বলি হ'ল ভূৱনেশ্বৰৰ এজন যুৱক । ভূৱনেশ্বৰৰ দেৱাশীষ চাহু নামৰ যুৱকজনে অভিযোগ উত্থাপন কৰিছে যে, চাইবাৰ প্ৰৱঞ্চকে তেওঁৰ একাউণ্টৰ পৰা ১ লাখ টকা লুটি নিছে । এই সন্দৰ্ভত তেওঁ যোৱা ১২ মাৰ্চত ভাৰতপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ।

দেৱাশিস চাহুৰ অভিযোগ অনুসৰি, গৰু বিক্ৰী কৰাৰ বাবে তেওঁ যোৱা ১১ মাৰ্চত ডিজিটেল বজাৰৰ এপ কৃষিফাইত বিজ্ঞাপন দিছিল । ইয়াৰ পিছতে একেটা দিনতে সন্ধিয়া প্ৰায় ৮ বজাত তেওঁলৈ 83420-17297 নম্বৰৰ পৰা এজন লোকে ফোন কৰে আৰু গৰু ক্ৰয় কৰাৰ বাবে আগ্ৰহী বুলি জনায় । লোকজনে নিজকে মনজিৎ বুলি পৰিচয় দিছিল আৰু তেওঁ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত বুলি কৈছিল ।

মনজিতে জনোৱা মতে, তেওঁৰ পৰিয়াল বাৰামুণ্ডাত থাকে । মনজিতে দেৱাশীষ চাহুৰ পৰা গৰু ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু ২০,০০০ টকা দৰত গৰু বিক্ৰী কৰাৰ কথা খাটাং হয় । ইয়াৰ পিছতে মনজিতে দেৱাশীষৰ ফোন নম্বৰলৈ ৫ বাৰকৈ তেওঁৰ ফোন নম্বৰলৈ কিউ আৰ ক'ড প্ৰেৰণ কৰি স্কেন কৰিবলৈ কয় ।

মনজিতৰ কথা মতে দেৱাশীষে স্কেন কৰাৰ পিছত পাঁচবাৰ পৃথকে পৃথকে মুঠ ১ লাখ টকা স্থানান্তৰ হয় । অতি কষ্টেৰে উপাৰ্জন কৰা ধনৰাশি এনেদৰে চাইবাৰ অপৰাধীৰ জালত পৰি হেৰুৱাবলগীয়া হোৱাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে দেৱাশীষ চাহুৱে ।

লগতে পঢ়ক: ৩ বছৰত ৩৭ শতাংশ মুছলমানক হত্যা কৰা হৈছে: আশাদুদ্দিন ওৱেইছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.