ETV Bharat / bharat

আগৰতলাত ২০ লাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ

ত্ৰিপুৰাৰ আগৰতলাত ড্ৰাগছ সৰবৰাহৰে জড়িত ১৫ জন যুৱক আটক । আৰক্ষীৰ অভিযানত জব্দ ২০ লাখ টকা মূল্যৰ ব্ৰাউন ছুগাৰ, নিচাযুক্ত টেবলেট । লগতে আৰক্ষীয়ে জব্দ কৰে নগদ ৯ হাজাৰ টকা ।

author img

By

Published : Mar 18, 2021, 1:04 PM IST

ত্ৰিপুৰাৰ আগৰতলাত ড্ৰাগছ সৰবৰাহৰে জড়িত ১৫ জন যুৱক আটক

নেশ্যনেল ডেস্ক, ১৮ মাৰ্চ: ত্ৰিপুৰাত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছৰ অবৈধ বেহা । পশ্চিম ত্ৰিপুৰা জিলাৰ উপ-আৰক্ষী অধীক্ষক জগদীশ্বৰ ৰেড্ডীয়ে কয় যে, সহজে ধন উপাৰ্জন কৰাৰ লালসা দি যুৱকসকলক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত কৰা হৈছে । বুধবাৰে আগৰতলা চহৰৰ বিভিন্ন স্থানত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ১৫ জন যুৱকক আটক কৰে ।

আগৰতলাত ২০ লাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ
আগৰতলাত ২০ লাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ

ধৃত যুৱককেইজনৰ অধিকাংশই ড্ৰাগছ ব্যৱসায়ী আৰু বাকীসকল ড্ৰাগছৰ ক্ৰেতা । আগৰতলাৰ ৰামনগৰ, জয়নগৰকে ধৰি কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে ২০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে ।

আৰক্ষীয়ে ব্ৰাউন ছুগাৰৰ এটা সৰু পাউচ, ব্ৰাউন ছুগাৰ ভৰ্তি ৭০টা সৰু বটল, ৩৫৮টা য়াবা টেবলেট, ১ খন চাৰিচকীয়া বাহন, ২ খন মটৰ চাইকেল, ১ খন স্কুটী আৰু নগদ ৯ হাজাৰ টকা জব্দ কৰে । ইয়াৰ উপৰিও আৰক্ষীয়ে বট্টালা আৰু মহাৰাজ গাঞ্জা বজাৰৰ পৰা বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ কৰে ।
লগতে পঢ়ক:নিয়মিত যত্নই দিব পাৰে চকুৰ ৰোগৰ পৰা সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.