ETV Bharat / bharat

Fire in pub: প্ৰাণ বচাবলৈ গৈ বহুমহলীয়া অট্টালিকাৰ ছাদৰ পৰা জঁপিয়ালে ব্যক্তিয়ে - fire break out

শিহৰণকাৰী ঘটনা ৷ জুইৰ পৰা ৰক্ষা পাবলৈ বহুমহলীয়া অট্টালিকাৰ ছাদৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে ৷ এই সমগ্ৰ ঘটনা বন্দী হয় কেমেৰাত ৷ লোকজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷

Fire in pub
প্ৰাণ বচাবলৈ গৈ বহুমহলীয়া অট্টালিকাৰ ছাদৰ পৰা জঁপিয়ালে ব্যক্তিয়ে
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 8:03 AM IST

নেশ্যনেল ডেস্ক, 19 অক্টোবৰ : কৰ্ণাটকৰ অভিজাত কোৰামংগলা অঞ্চলৰ এটা বহুমহলা অট্টালিকাত অঘটন ৷ জুইৰ পৰা ৰক্ষা পাবলৈ বহুমহলীয়া অট্টালিকাৰ ছাদৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 18 অক্টোবৰত প্ৰায় 11.45 বজাত এটা চাৰিমহলীয়া অট্টালিকাৰ ওপৰৰ মহলাত থকা 'হুক্কা বাৰ এণ্ড কেফে'ত জুই লাগে ৷ ৰেষ্টোৰাখনৰ লোকে ভৰ্তি চিলিণ্ডাৰসমূহ ওপৰৰ মহলাত ৰাখিছিল ৷ তাৰে এটা চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । কেইছেকেণ্ডমানৰ ভিতৰতে চাৰিটা চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু গোটেই অট্টালিকাটোত জুই বিয়পি পৰে।

ওচৰৰ লোকে অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা দেখি জৰুৰীকালীন এলাৰ্ম বজাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাটোৰ সময়ত চুবুৰীয়া লোকে চিলিণ্ডাৰ বিস্ফোৰণৰ দৰে শব্দ শুনিছিল বুলি পৰৱৰ্তী সময়ত জানিবলৈ দিয়ে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কেফেত বেছি গ্ৰাহক নাছিল। খাদ্য ৰন্ধাৰ সময়ত গেছ লীকেজ হৈ এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

অগ্নিকাণ্ডৰ সময়তে ওপৰৰ মহলাত আৱদ্ধ হৈ থকা এজন লোকে নিজৰ প্ৰাণ বচাবলৈ অট্টালিকাৰ ছাদৰ পৰা জঁপিয়াই দিছিল৷ লগে লগে ঘটনাস্থলীত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ লোকজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসায়লত ভৰ্তি কৰা হৈছে ৷ বৰ্তমান, লোকজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰ বাহিৰে, এই ঘটনাত আৰু দুজন লোক সামান্য আঘাতপ্ৰাপ্ত হৈছে। দুয়োকে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা হৈছে।

অগ্নি নিৰ্বাপক বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি, আঠখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত কেফেখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কাল্ট ফিট নামৰ জীমটোও ব্যাপকৰূপত ক্ষতিগ্ৰস্ত হৈছিল। বিস্ফোৰণৰ পিছত, চিলিণ্ডাৰৰ কিছুটুকুৰা উফৰি আহি তলত বাগৰি পৰাত তলৰ মহলাত ৰখাই থোৱা কিছু বাইক আৰু গাড়ীও ক্ষতিগ্ৰস্ত হয়। আৰক্ষীয়ে মুডপাইপ কেফেৰগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক: Spurious liquor seized: লালমাটিৰ ধাবাত অবৈধ সুৰাৰ বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.