ETV Bharat / bharat

Xewali Flower Leaves Benefits: ৰোগৰ মহাশত্ৰু শেৱালি ফুলৰ পাতৰ উপকাৰিতাসমূহ আজিয়েই জানি লওক

author img

By

Published : Jun 26, 2023, 11:54 AM IST

প্ৰকৃতিয়ে আমাক এনে বহু উপহাৰ দিছে যিবোৰ পৰিৱেশক সেউজীয়া কৰি ৰখাই নহয়, আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় । সেয়ে আজি আমি ঔষধি গুণেৰে ভৰপূৰ বুলি গণ্য কৰা শেৱালি গছৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানিম ।

Xewali Flower Leaves Benefits of Night-blooming jasmine Leaves
ৰোগৰ মহাশত্ৰু শেৱালি ফুলৰ পাতৰ উপকাৰিতাসমূহ আজিয়েই জানি লওক

শেৱালি ফুল সনাতন সংস্কৃতিত অতি পবিত্ৰ বুলি গণ্য কৰা হয়, এই ফুলৰ গোন্ধ অদ্ভুত । ইয়াক ভগৱানৰ আৰাধনাৰ বাবে ব্যৱহাৰ কৰা হয় । দিনৰ সলনি ৰাতি ফুলা এইবিধ ফুলে সুগন্ধি বিয়পাই দিয়ে । সেয়েহে ইয়াক ‘নিশাৰ ৰাণী’ বা Night Flowering Jasmine বুলিও কোৱা হয় । আপুনি জানেনে এই ফুলৰ পাতৰ পৰা আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰিতা পোৱা যায় ।

শেৱালি ফুলৰ পাতৰ উপকাৰিতা

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

প্ৰায়ে বতৰৰ পৰিৱৰ্তনৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ বাবে চৰ্দি-কাহ আৰু নাক বন্ধ হোৱাটো তেনেই সাধাৰণ কথা । ইয়াৰ পৰা হাত সাৰিবলৈ পাৰিজাতৰ প্ৰায় ১০ পাত লৈ এগিলাচ পানীৰ লগত মিহলাই খাব লাগে । এই মিশ্ৰণটো আপুনি এঘণ্টা ধৰি ৰাখক ৷

২/ বাতবিষ

বয়স বৃদ্ধিৰ লগে লগে বাতবিষ হোৱাটো সাধাৰণ কথা, কিন্তু আজিকালি যুৱক-যুৱতীসকলেও এই সমস্যাৰ সন্মুখীন হৈছে । এনে অৱস্থাত শেৱালি পাতৰ পৰা আৱশ্যকীয় তেল উলিয়াই তাত নাৰিকল তেল কেইটোপালমান দিব । শেষত বিষ হোৱা ঠাইত এই তেল লগাব ।

৩/ ডায়েবেটিছ

ডায়েবেটিছ ৰোগীয়ে প্ৰতি মুহূৰ্ততে নিজৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ থাকে, এনে পৰিস্থিতিত শেৱালিৰ পাতৰ সহায় ল’ব পাৰে, ইয়াৰ এন্টি-ডায়েবেটিক গুণ আছে যিয়ে উচ্চ ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে । অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতেহে এই কাম কৰিব ।

৪/ চুলি

বৰ্তমান যুগত অস্বাস্থ্যকৰ খাদ্য, প্ৰদূষণ আৰু ৰাসায়নিক ভিত্তিক চুলিৰ সামগ্ৰী ব্যৱহাৰৰ বাবে অধিকাংশ লোকই চুলিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈছে, য’ত দুৰ্বল চুলি, বগা চুলি আৰু চুলি সৰা আদি সমস্যাও আছে । সেয়ে শেৱালিৰ পাতৰ পৰা তৈয়াৰী কাঢ়া খালে আপোনাৰ চুলি ক’লা, ডাঠ আৰু চিকচিকিয়া হৈ পৰিব ।

লগতে পঢ়ক: Eating Mangoes in Pregnancy: অন্তঃসত্বা মহিলাৰ বাবে আম খোৱাটো উপকাৰী নে অপকাৰী ? জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.