হামহামা, (শ্ৰীনগৰ) : শুকুৰবাৰে কৰ্তব্যৰ প্ৰতি নিজৰ নিষ্ঠতা প্ৰকাশ কৰি দেশৰ হকে আত্মবলিদান দিয়া 1011 ৰ বিএচএফ আৰ্টিলেৰী ৰেজিমেন্টৰ এছ আই (জি ডি) ৰাকেশ ড'ভালক শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে কাশ্মীৰ ফ্ৰন্টিয়াৰ বিএচএফে এক শ্ৰদ্ধাঞ্জলী অনুস্থান অনুষ্ঠিত কৰে ৷
এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত প্ৰয়াত সেনা গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰা হয় ৷ 13 নৱেম্বৰত পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত সংঘটিত আক্ৰমণত শত্ৰুপক্ষৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় ৷ তেওঁক ততাতৈয়াকৈ স্থানান্তৰিত কৰা হৈছিল যদিও চিকিৎসালয়লৈ নিয়াৰ আধাবাটতে তেওঁ মৃত্যুৰ সন্মুখত হাৰ মানে ৷
2004 চন ড'ভালে বিএচএফত যোগদান কৰিছিল আৰু আগষ্ট 2013 ৰ পৰা এছ আই (জি ডি) পদত অধিষ্ঠিত হৈ আছিল ৷ প্ৰায়ত ড'ভালে পিতৃ-মাতৃ, পত্নীৰ লগতে এগৰাকী জীয়ৰীক এৰি গৈছে ৷
লগতে পঢ়ক: মাৰ্কিন বজাৰৰ পৰা ঔষধ ঘূৰাই ল’লে ভাৰতীয় প্ৰতিষ্ঠানে