ETV Bharat / bharat

World Hearing Day 2022 : শ্ৰৱণ শক্তি হ্ৰাস কেনেদৰে প্ৰতিৰোধ কৰিব ? - শ্ৰৱণ শক্তি হ্ৰাস আৰু বধিৰতা কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি

প্ৰতি বছৰে 3 মাৰ্চত শ্ৰৱণ শক্তি হ্ৰাস আৰু বধিৰতা কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি আৰু কেনেদৰে ইয়াৰ যত্ন লোৱা উচিত, সেই বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয় । এইবেলি এই দিনটোৰ বিষয়বস্তু হৈছে "জীৱনৰ বাবে শুনিবলৈ, যত্নেৰে শুনিবলৈ" ।

World Hearing Day 2022 : How to prevent hearing loss?
শ্ৰৱণ শক্তি হ্ৰাস কেনেদৰে প্ৰতিৰোধ কৰিব ?
author img

By

Published : Mar 3, 2022, 12:33 PM IST

পৰিসংখ্যা অনুসৰি বিশ্বজুৰি 466 নিযুত লোকে শ্ৰৱণ শক্তি হ্ৰাসৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে ৷ যি হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ 6.1 শতাংশ । বিশ্ব স্বাস্থ্য সংস্থাই বিষয় সন্দৰ্ভত প্ৰকাশ কৰা অনুসৰি, আনুমানিক 2050 চনৰ ভিতৰত 900 নিযুতৰো অধিক লোকৰ শ্ৰৱণ শক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ সেয়েহে শ্ৰৱণ শক্তি হ্ৰাস, ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ পৰামৰ্শৰ বিষয়ে সজাগতা সৃষ্টি কৰাতো বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

শ্ৰৱণ শক্তিৰ হ্ৰাস কেনেদৰে ৰোধ কৰিব পাৰি, ইয়াক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিদৰে গুৰুত্ব দিয়া উচিত, সেই সম্পৰ্কে তলত বিতংভাৱে উল্লেখ কৰা হ’ল :

  • কাণৰ পৰ্যাপ্ত যত্নৰ জৰিয়তে শ্ৰৱণ শক্তি হ্ৰাস কৰাটো সম্ভৱ ৷
  • কাণখনে যিকোনো বৃহৎ শব্দৰ সংস্পৰ্শলৈ অহাৰ ফলত শ্ৰৱণ শক্তি হ্ৰাস হয় ৷ ইয়াক ৰোধ কৰিবলৈ আমি উচ্চ প্ৰাবল্যৰ শব্দ সৃষ্টি কৰা যন্ত্ৰ পৰিহাৰ কৰা উচিত ৷
  • 'সুৰক্ষিত শ্ৰৱণে' মনোৰঞ্জনমূলক শব্দৰ সংস্পৰ্শৰ সৈতে সম্পৰ্কিত শ্ৰৱণ শক্তি হ্ৰাসৰ আশংকা দূৰ কৰিব পাৰে ৷
  • বিশ্ব স্বাস্থ্য সংস্থাই চৰকাৰ, উদ্যোগৰ অংশীদাৰ আৰু নাগৰিক সমাজক প্ৰমাণ-আধাৰিত মানদণ্ডৰ বাবে সজাগতা বৃদ্ধি আৰু কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে ৷ যিয়ে সুৰক্ষিত শ্ৰৱণ শক্তি বৃদ্ধি কৰে ৷

শ্ৰৱণ শক্তি হ্ৰাসৰ প্ৰকাৰ (Type Of Hearing Loss)

শ্ৰৱণ শক্তি হ্ৰাসৰ পৰিমাণ ব্যক্তি ভেদে পৃথক হ'ব পাৰে ৷ ইয়াক মৃদু, মজলীয়া, গুৰুতৰ আৰু গভীৰ হিচাপে শ্ৰেণীৱদ্ধ কৰিব পাৰি । কেতিয়াবা ই জন্মগতভাৱেও হ'ব পাৰে বা জীৱনৰ পিছচোৱা সময়তো দেখা দিব পাৰে । শ্ৰৱণ শক্তি হ্ৰাসৰ প্ৰকাৰবোৰ চাৰিটা শ্ৰেণীত ভগাব পাৰি ৷ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই চমুকৈ CDC য়ে বৰ্ণনা কৰা অনুসৰি এই প্ৰকাৰসমূহ হৈছে :

  • পৰিবাহী শ্ৰৱণ শক্তি হ্ৰাস (Conductive Hearing Loss)
    বাহিৰৰ পৰা পোৱা কোনো আঘাত অথবা কাণত হোৱা কোনো বিসংগতিৰ ফলত হোৱা শ্ৰৱণ শক্তি হ্ৰাস । এই ধৰণৰ শ্ৰৱণ শক্তিৰ হ্ৰাস প্ৰায়ে ঔষধ বা অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰি প্ৰতিৰোধ কৰিব পাৰি ৷
  • সংবেদনশীল স্নায়ুশ্ৰৱণ শক্তি হ্ৰাস (Sensorineural Hearing Loss)
    যেতিয়া কাণৰ অন্তৰ্ভাগত স্নায়ুৰ সমস্যাৰ বাবে শ্ৰৱণ শক্তিত বিসংগতি হয়, তেতিয়া সংবেদনশীল শ্ৰৱণ শক্তি হ্ৰাস পায় ৷
  • মিশ্ৰিত শ্ৰৱণ শক্তি হ্ৰাস (Mixed Hearing Loss)
    শ্ৰৱণ শক্তি হ্ৰাসৰ ভিতৰত আছে পৰিবাহী আৰু সংবেদনশীল শ্ৰৱণ শক্তি হ্ৰাস।
  • স্নায়ুৰোগৰ ফলত হোৱা শ্ৰৱণ শক্তি হ্ৰাস (Auditory Neuropathy Spectrum Disorder)
    উচ্চ প্ৰাবল্যৰ শব্দ সাধাৰণতে কাণত প্ৰৱেশ কৰিলে শ্ৰৱণ শক্তি হ্ৰাস হয় ৷ কিন্তু কাণৰ ভিতৰৰ বা শ্ৰৱণ স্নায়ুত পোৱা আঘাতৰ বাবেও শ্ৰৱণ শক্তি হ্ৰাস হ’ব পাৰে ৷

শ্ৰৱণ শক্তিৰ হ্ৰাস কেনেদৰে প্ৰতিৰোধ কৰিব ? (How To Prevent Hearing Loss)

  • মটৰ চাইকেল, কৰ্মস্থানৰ যন্ত্ৰ, ড্ৰিল, আতচবাজী আদিৰ দৰে বৃহৎ শব্দ পৰিহাৰ কৰিব । যদি আপুনি কৰ্মস্থানত বৃহৎ শব্দ পৰিহাৰ কৰিব নোৱাৰে, তেন্তে earplug বা earmuff ব্যৱহাৰ কৰক ।
  • ইয়াৰফোন আৰু হেডফোনে আপোনাৰ কাণৰ যথেষ্ট ক্ষতি কৰিব পাৰে । কম ভলিউমত সংগীত শুনিব আৰু বাহিৰৰ কোলাহল পৰিহাৰ কৰাৰ বাবে ইয়াৰ মাত্ৰা বৃদ্ধি নকৰিব । ইয়াৰ সলনি শব্দ-বাতিলকাৰী হেডফোন (Use noise-canceling headphones) ব্যৱহাৰ কৰক।
  • ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইয়াৰফোন বা হেডফোন ব্যৱহাৰ নকৰিব । মাজত বিৰতি লওক, কমেও প্ৰতি এক ঘণ্টাৰ পিছত ইয়াক ব্যৱহাৰ কৰা উচিত ।
  • সংগীতানুষ্ঠানত, লাউড স্পীকাৰৰ পৰা দূৰত্বত অৱস্থান কৰক ৷ বিৰতি লওঁক আৰু কোলাহল পূৰ্ণ স্থানৰ পৰা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰক ৷
  • ঘৰত থকা সময়ত উচ্চস্বৰত বাজি থকা টিভি, ৰেডিঅ’, ছাউণ্ড চিষ্টেম আদি পৰিহাৰ কৰক ৷
  • ব্যৱহাৰৰ পূৰ্বে কিছুমান ঔষধ যেনে এণ্টিবায়’টিক, কৰ্কট ৰোগৰ ঔষধ আদিৰ পাৰ্শ্বক্ৰিয়া পৰীক্ষা কৰক ৷
  • যদি কাণত মম জমা হয়, চিকিৎসকৰ ওচৰলৈ যাওঁক আৰু ইয়াক শীঘ্ৰে আঁতৰোৱাৰ ব্যৱস্থা কৰক । এই চিকিৎসা অতি সহজতে কৰাব পাৰি ৷
  • কিছুমান সংক্ৰমণ শ্ৰৱণ শক্তি হ্ৰাসৰ অন্যতম কাৰণ হ'ব পাৰে । সেয়েহে সৰু আই, ৰুবেলা, মাম্পচ আদিকে ধৰি হ’ব পৰা সংক্ৰমণৰ বাবে শিশুক টীকাকৰণ কৰক ।
  • আপোনাৰ কাণত ভুলক্ৰমে সোমাই থকা মম পৰিষ্কাৰ কৰিবলৈ ইয়াৰবাড ব্যৱহাৰ নকৰিব ৷ ইয়াৰ বিপৰীতে শুকান, পৰিস্কাৰ কপাহী কাপোৰৰ সহায়ত কাণৰ বাহিৰভাগ পৰিস্কাৰ কৰক ৷
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ চোকা অস্ত্ৰ অথবা তেলজাতীয় সামগ্ৰী কাণত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক ৷

লগতে চাওক : Summer diet for good health : গ্ৰীষ্মকালত সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰা উচিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.