ETV Bharat / bharat

হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ

হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ ৷ ৰাজ্যখনৰ ভিতৰতে কৰ'ণা ভাইৰাছৰ অধিক প্ৰভাৱ পৰা তথা হাৰিয়ানাৰ বিত্তীয় ৰাজধানী হিচাপে খ্যাত চহৰখনক লৈ অধিক গুৰুত্ব আৰোপ বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ ৷

world-health-organization-country-head-will-inspect-corona-vaccine-dry-run-in-gurugram
হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ
author img

By

Published : Jan 7, 2021, 2:52 PM IST

নিউজ ডেস্ক,7জানুৱাৰী: আজিৰেপৰা হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ হৈছে ক'ভিড প্ৰতিষেধকৰ ড্ৰাই ৰাণ ৷ নিৰ্ধাৰিত 6টাকৈ স্থানত হ'ব এই ড্ৰাই ৰাণ কাৰ্যসূচী ৷ বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ নিৰীক্ষণত তথা সংস্থাৰ বিষয়ববীয়াৰ উপস্থিতিত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ইপিনে, গুৰুগ্ৰামৰ ভাংগাৰোলা গাঁৱত হ'ব লগা ড্ৰাই ৰাণ কাৰ্যসূচীত বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতৰ দায়িত্বত থকা মুৰব্বীৰ সৈতে এক আলোচনাত মিলিত হ'ব জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকল ৷ তদুপৰি 150 গৰাকী স্বাস্থ্যকৰ্মীক ইয়াত ক'ভিড19 ৰ প্ৰতিষেধক দিয়া হ'ব ৷

উল্লেখ্য যে, গুৰুগ্ৰামৰ তিগ্ৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উপৰিও বাছনি কৰা গুৰুগ্ৰামৰ বাছাই, ৱাজিৰাবাদ, ডাউলতাবাদ আৰু ভাংগাৰোলাতো প্ৰায় 150 জন লোকক ক'ভিড19 প্ৰতিষেধক দিয়া হ'ব ৷ লক্ষণীয় বিষয় যে, ৰাজ্যখনৰ কৰ'ণা ভাইৰাছৰ আটাইতকৈ বেছি প্ৰভাৱ পৰা চহৰখনেই হৈছে গুৰুগ্ৰাম ৷ ইয়াৰ লগতে হাৰিয়ানাৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় গুৰুগ্ৰামক ৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই অধিক গুৰুত্ব আৰোপ কৰিছে চহৰখনক ৷

লগতে পঢ়কঃ নমামি ব্ৰহ্মপুত্ৰৰ পিচত এইবাৰ চৰকাৰী খৰচত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.