নেশ্যনেল ডেস্ক, 9 এপ্ৰিল : দেওবাৰে উত্তৰাখণ্ডৰ নাইনিতালত উপস্থিত হয় অসম কন্যা, টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অৰ্জন তথা মহিলা বক্সিং চেম্পিয়নশ্বিপ 2023 ত স্বৰ্ণ পদক লাভ কৰা লাভলীনা বৰগোঁহাই (Kainchi Dham Neem Karoli Baba Ashram)৷ উত্তৰাখণ্ডৰ নাইনিতালত উপস্থিত হৈয়ে বক্সাৰ লাভলীনা বৰগোঁহায়ে বাবা নিম কৰৌলি মহাৰাজক সাক্ষাৎ কৰে (Loveleen visited Neem Karauli Baba)। বক্সাৰগৰাকীয়ে প্ৰায় 2 ঘন্টা সময় অতিবাহিত কৰে উক্ত স্থানত ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত অসম কন্যা বক্সাৰ লভলীনাই কয় যে, বিশ্ব চেম্পিয়নশ্বিপ 2023 খেলাৰ পূৰ্বে বাবা নিম কৰাউলীক তেওঁ স্মৰণ কৰিহে খেলৰ ৰিঙত সোমাইছিল ৷ তেতিয়া তেওঁ ইয়ালৈ অহাৰ সংকল্প লৈছিল । বাবা নিম কৰৌলি মহাৰাজকৰ আশীৰ্বাদতহে তেওঁ পদক লাভ কৰিবলৈ সক্ষম হৈছিল (Gold medalist Boxer Lovlina Borgohain) ।
নাইনিতালৰ এখন ব্যক্তিগত হোটেলত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লৈ লভলীনা বৰগোঁহায়ে আৰু কয়, ‘‘উত্তৰাখণ্ডৰ লোক বহুতে ভাল ৷ মই নাইনিতালক বৰ ভালপাওঁ । ইমান ধুনীয়া ঠাই মই কেতিয়াও দেখা নাই’’ (Indian boxer Loveleen reached Nainital)।
বক্সাৰগৰাকীয়ে আৰু কয়, ‘‘লক্ষ্য এছিয়ান গেমছত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ৷ অলিম্পিকত সোণৰ পদক লাভ কৰাটো বহু প্ৰত্যাহ্বানজনক ৷ যাৰ বাবে মোক ভগৱানৰ আৰ্শীবাদৰ প্ৰয়োজন ৷ বক্সিঙৰ ৰিঙত সোমাই গ’লে শেষলৈ কি হয় কোনেও ক’ব নোৱাৰে ৷ মোৰ এই যাত্ৰা যাতে সফল হয় সেয়ে নেদেখাজনৰ শৰণাপন্ন হৈছো’’ ৷
উল্লেখ্য যে, শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত IBA ৱমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত (Womens World Boxing Championship 2023) 75 কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয় কৰিছিল লাভলীনা বৰগোঁহায়ে ৷ প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিয়েই অসম কন্যা বক্সাৰ লাভলীনাই অষ্ট্ৰেলিয়াৰ বক্সাৰ কেটলিন পাৰ্কাৰক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷
কেৱল ৱমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপতে নহয় টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল অসম কন্যা বক্সাৰ লাভলীনাই । বক্সাৰ লাভলীনাই 2018 আৰু 2019 চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।
2017 আৰু 2021 ত এছিয়ান চেম্পিয়নশ্বিপতো তেওঁৰ দুটা ব্ৰঞ্জৰ পদক লাভ কৰে । অসম কন্যা বক্সাৰ লাভলীনা হৈছে অলিম্পিকৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা খেলুৱৈ ।