ETV Bharat / bharat

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলা কৰ্মচাৰীক ছুটি প্ৰদান

author img

By

Published : Mar 8, 2021, 9:24 AM IST

আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ এই দিৱস উপলক্ষে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীসকলক ছুটি প্ৰদান কৰিছে তেলেংগানা চৰকাৰে ৷

Women's Day: Holiday declared for women govt employees in Telangana
আন্তৰ্জাতিক নাৰী দিৱস

নিউজ ডেস্ক,8 মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ এই দিৱস উপলক্ষে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীসকলক ছুটি প্ৰদান কৰিছে তেলেংগানা চৰকাৰে ৷ দেওবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই বিষয়ে ঘোষণা কৰা হয় ৷ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে মুখ্য সচিব সৌমেশ কুমাৰক তৎকালীনভাৱে এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে ৷

তদুপৰি প্ৰেছ বিবৃতিত মহিলাসকলে সকলো ক্ষেত্ৰত পুৰুষৰ সৈতে প্ৰতিদ্বন্দিতা কৰি আছে বুলি উল্লেখ কৰে ৷ তেলেংগানা চৰকাৰে ৰাজ্যখনৰ মহিলাসকলক উন্নয়ন আৰু প্ৰগতিৰ পথত লৈ যাবলৈ বিভিন্ন ধৰণৰ আঁচনিৰ লগতে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৷

লগতে পঢ়কঃ তেজপুৰ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে জনতাৰ কণ্ঠ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.