ETV Bharat / bharat

Bastar Fighters of Chhattisgarh : মাওবাদীক প্ৰত্যাহ্বান জনাবলৈ সাজু ছত্তীশগড়ৰ ২৮০ গৰাকী যুৱতী - 280 women joins Bastar Fighters

ছত্তীশগড়ত নতুনকৈ গঠন হয় বস্তাৰ ফাইটাৰ্ছৰ পাছিং আউট পেৰেড (Passing out parade of Bastar Fighters)। মাওবাদীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ২৮০ গৰাকী যুৱতীয়ে । সংস্থাপনৰ লগতে মাওবাদী অধ্যুষিত অঞ্চলত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চৰকাৰৰ এই পদক্ষেপ ।

Bastar Fighters of Chhattisgarh
মাওবাদীক প্ৰত্যাহ্বান জনাবলৈ সাজু ছত্তীশগড়ৰ ২৮০ গৰাকী যুৱতী
author img

By

Published : Apr 22, 2023, 10:44 AM IST

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল : দেশৰ ভিতৰতে মাওবাদী পীড়িত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে ছত্তীশগড় । ইতিমধ্যে মাওবাদীৰ বিৰুদ্ধে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । এইবাৰ মাওবাদী বিৰোধী অভিযানত মহিলাসকলকো জড়িত কৰাৰ এক প্ৰচেষ্টা লৈছে চৰকাৰে । তাৰ অংশস্বৰূপে ৰাজ্যিক আৰক্ষীৰ এটা নতুন প্লাটুন গঠন কৰা হৈছে । যাৰ নাম হৈছে 'বস্তাৰ ফাইটাৰ্ছ' (Bastar Fighters)।

যুৱতীসকলক সংস্থাপন দিয়াৰ লগতে মাওবাদী বিৰোধী অভিযানৰ অংশ হৈ দেশ সেৱাৰ সুবিধা প্ৰদানৰ বাবে এই পদক্ষেপ লোৱা হৈছে । ইতিমধ্যে ৰাজনন্দগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি প্ৰায় ২৮০ গৰাকী যুৱতীয়ে বস্তাৰ ফাইটাৰ্ছত যোগদান কৰিছে (280 women joins Bastar Fighters)। শুকুৰবাৰে সেই উপলক্ষে এক সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হয় য'ত আৰক্ষী মহাপৰিদৰ্শক অ'পি পালৰ লগতে আন বিষয়াসকলো উপস্থিত থাকে ।

সংবাদ মাধ্যমৰ সন্মুখত আইজি অ'পি পালে কয় যে এই মহিলা বস্তাৰ ফাইটাৰ্ছসকলে ইমান উদ্যমেৰে তেওঁলোকৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে কিবা কৰাৰ বাবে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু আবেগ প্ৰদৰ্শন কৰিছে । স্থানীয় যুৱক-যুৱতীসকলৰ যোগদানে ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা উন্নত কৰাত সহায় কৰিব বুলিও তেওঁ আশাবাদী । ইয়াৰ ফলত মানুহক আৰক্ষীৰ ওপৰত বিশ্বাস বৃদ্ধি কৰাতো সহায় কৰিব ।

অ'পি পালে লগতে কয় যে মহিলা কনিষ্টবলসকলৰ উৎসাহে দেখুৱায় যে তেওঁলোক তেওঁলোকৰ কামৰ প্ৰতি কিমান সমৰ্পিত । তেওঁ আশা কৰা মতে তেওঁলোকে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিব । কৰ্মক্ষেত্ৰত তেওঁলোকে মাওবাদীৰ বিৰুদ্ধে যুঁজিবলৈ যথাসাধ্য চেষ্টা কৰিব বুলিও তেওঁ আশাবাদী (Bastar Fighters to fight against Maoist)।

কুমাৰী দামিনী উইকে নামৰ এগৰাকী মহিলা কনিষ্টবলে পাছিং আউট পেৰেডত অংশ লৈ কয় যে এই পাছিং আউট পেৰেড তেওঁৰ বাবে সপোন আছিল যি এতিয়া দিঠকত পৰিণত হৈছে । তেওঁ বহুত সুখী কিয়নো তেওঁ সদায় আৰক্ষী বিভাগত যোগদান কৰিব বিচাৰিছিল আৰু পিতৃ-মাতৃক গৌৰৱান্বিত কৰিব বিচাৰিছিল । আৰক্ষী বিভাগত যোগদান কৰি তেওঁ ৰাজ্যবাসীক মাওবাদীৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিব বুলিও আশাবাদী নৱনিযুক্ত বস্তাৰ ফাইটাৰ্ছৰ মহিলাগৰাকী ।

দামিনীয়ে লগতে কয় যে বস্তাৰ ফাইটাৰ্ছ ইউনিটত প্ৰৱেশ কৰিবলৈ তেওঁলোকে সকলোৱে পিটিচিত তিনি মাহৰ প্ৰাথমিক প্ৰশিক্ষণ আৰু তিনি মাহৰ অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে য'ত তেওঁলোকক অস্ত্ৰবোৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকোৱা হৈছে ।

লগতে পঢ়ক :Lucknow Gorakhpur accident : লক্ষ্ণৌত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ; ৭ গৰাকী যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.