ETV Bharat / bharat

এই মন্দিৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ - Women prohibited entering Mangla Chandi Temple

নৱৰাত্ৰিৰ সময়ত দেৱী শক্তিৰ পূজা কৰা হয় । এই সময়ছোৱাত কন্যা সন্তানৰ উপাসনা কৰাৰো বিধান আছে । কিন্তু বোকাৰোৰ মঙ্গলা চান্দি মন্দিৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ (Women prohibited entering Mangla Chandi Temple) । ইয়াত মহিলাসকলে মন্দিৰৰ পৰা ১০০ মিটাৰ দূৰৈৰ পৰা উপাসনা কৰে ।

bokaro
bokaro
author img

By

Published : Sep 30, 2022, 11:50 AM IST

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : আৰু এদিন পিছত শক্তিৰ আৰাধ্যা দেৱী দুৰ্গা পূজা (Durga Puja 2022) । লগতে আৰম্ভ হৈছে নৱৰাত্ৰি (Navaratri) । কিন্তু নাৰী শক্তিৰ ৰূপত এফালে য'ত নৱৰাত্ৰিত মা দুৰ্গাক উপাসনা কৰা হৈছে, সমগ্ৰ দেশৰ মন্দিৰসমূহত মহিলাসকলে মা দুৰ্গাৰ শ্ৰীচৰণত পূজা-পাঠ কৰি আছে, একে সময়তে ঝাৰখণ্ডৰ বোকাৰো জিলাত এটা মন্দিৰ আছে য'ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ (Women prohibited entering Mangla Chandi Temple) । ইয়াত মহিলাসকলে প্ৰাৰ্থনা কৰিবলৈ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে ।

মা মঙ্গলা চান্দি মন্দিৰ বোকাৰো মূল চহৰৰ পৰা 40 কিলোমিটাৰ দূৰৈত কাচমাৰ খণ্ডত অৱস্থিত । ইয়াত মহিলাসকলে মন্দিৰৰ পৰা প্ৰায় ১০০ আৰু ৫০০ মিটাৰ দূৰত্বত উপাসনা কৰে । আনকি দেৱীৰ চৰণত প্ৰসাদ আগবঢ়াবলৈ হ'লে মন্দিৰৰ পুৰোহিতক দূৰৈৰ পৰাই দিব লাগে । কেৱল প্ৰৱেশেই নহয়, মহিলাসকলে ইয়াত যি বলি দিয়া হয় সেই প্ৰসাদো খাব নোৱাৰে । অৱশ্যে যি ফল-লাড়ু আগবঢ়োৱা হয় সেয়া খাব পাৰে । মহিলা ভক্তসকলে কোৱা মতে, উক্ত মন্দিৰটোলৈ বিহাৰ, বংগ আৰু ঝাৰখণ্ডৰ দূৰ দূৰণিৰ পৰা ভক্তসকল আহে ।

ইয়াত মনে বিচৰা আশা পূৰণ হোৱাৰ পিছত তেওঁলোক পুনৰ মন্দিৰটো দৰ্শন কৰিবলৈ তাত উপস্থিত হয় । মহিলা ভক্তসকলে কয় যে মহিলাসকলে এই মন্দিৰত প্ৰৱেশ নকৰাৰ উক্ত পৰম্পৰা দীৰ্ঘদিন ধৰি চলি আহিছে । প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা এই পৰম্পৰা ভংগ কৰাৰ সাহস কাৰো নাই । ইয়াত দূৰৈৰ পৰায়ে পূজা-পাঠ কৰিলে সকলো মনোকামনা পূৰণ হয় বুলি বিশ্বস কৰা হয় (Maa Mangla Chandi Temple Bokaro Jharkhand) ।

আনহাতে, মন্দিৰটোৰ পুৰোহিতজনৰ মতে, এই বিশ্বাসবোৰ প্ৰায় ১৫০ বছৰ ধৰি চলি আহিছে । য'ত মহিলাসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয় । দূৰ দূৰণিৰ ভক্তসকল আহি মা মঙ্গলা চান্দিৰ এই মন্দিৰত উপস্থিত হয় । পুৰোহিতজনে লগতে কয় যে এবাৰ ইয়াত এনে এটা ঘটনাৰ খবৰ পোৱা গৈছিল যে এগৰাকী মহিলাই মন্দিৰত প্ৰৱেশ কৰি পূজা-পাঠ কৰিছিল । তাৰ পিছত তেওঁ পাগল হৈ যায় আৰু কেইদিনমানৰ পিছতে মৃত্যুবৰণ কৰে । তাৰ পিছৰ পৰাই তাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক :ৰাজস্থানত আছে ১০০ বছৰ বা ততোধিক বয়সৰ প্ৰায় ১৫ হাজাৰ ভোটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.