নেশ্যনেল ডেস্ক,১১ মাৰ্চ: অবৈধভাৱে সোণ সৰবৰাহ কৰাৰ অভিযোগত শুল্ক বিভাগৰ বিষয়াই মাংগালুৰু বিমানবন্দৰত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে । মহিলাগৰাকীৰ পৰা ২.৪১ কিলোগ্ৰাম সোণ জব্দ কৰা হৈছে । জব্দ কৃত সোণখিনিৰ মূল্য ১ কোটি ১০ লাখ টকা ।

মহিলা গৰাকীয়ে সোণখিনি অন্তৰ্বাস আৰু মোজাত লুকুৱাই আনিছিল । ছামিৰা নামৰ ধৃত মহিলাগৰাকী কাছৰাগড়ৰ বাসিন্দা । ছামিৰাই এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ডুবাইৰ পৰা আহি মাংগালুৰুত উপস্থিত হৈছিল ।

সোণৰ উপৰিও মহিলাগৰাকীৰ পৰা কেইবাটাও বিদেশী চিগাৰেটৰ পেকেট জব্দ কৰা হয় । সম্প্ৰতি তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত চলোৱা হৈছে ।
লগতে চাওক: আম্বানিৰ গৃহত বোমাতংক: পোহৰলৈ ন ন তথ্য