ETV Bharat / bharat

Woman headless body found: হত্যা নে আত্মহত্যা ? মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ

author img

By

Published : Aug 13, 2023, 4:27 PM IST

ৰাজস্থানৰ যোধপুৰ চহৰৰ শাস্ত্ৰী নগৰ আৰক্ষী থানা এলেকাত দেওবাৰে পুৱা এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হয় ৷ এতিয়ালৈ মহিলাগৰাকীক পৰিচয় জানিব পৰা হোৱা নাই ৷ এই ঘটনাক হত্যাকাণ্ডৰ সন্দেহ আৰক্ষীৰ ৷

Woman headless body found
হত্যা নে আত্মহত্যা ?

নেশ্যনেল ডেস্ক, 13 আগষ্ট: দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ ইটোৰ পিচত সিটোকৈ নাৰীজনিত অপৰাধৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ ৰাজস্থানৰ যোধপুৰ চহৰৰ শাস্ত্ৰী নগৰ আৰক্ষী থানা এলেকাত দেওবাৰে পুৱা এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হয় ৷ এই ঘটনাৰ খবৰ বিয়পি পোৱাৰ পিচতে ঘটনাস্থলীত মুণ্ডহীন মৃদদেহটো চাবলৈ ভিৰ জমা হয় ৷

স্থানীয় লোকে এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ তাৰ পিচতে আৰক্ষী থানা অঞ্চলৰ 7 নং ধাৰাৰ সমীপৰ ৰে'লপথৰ ওচৰৰ জোপোহাৰ মাজত মৃতদেহটো পৰি থকাৰ খবৰ লাভ কৰি ষ্টেচন বিষয়া যোগিন্দৰ সিং চৌধুৰীৰ তত্বাৱধানত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি মৃতদেহটো দুদিন পুৰণি হ'ব পাৰে ৷ ইয়াৰ ওপৰি মৃতদেহটোৰ মূৰৰ উপৰিও এখন হাতো নিখোজ হৈ আছিল ৷

এই মুহূৰ্তলৈ মহিলাগৰাকীক চিনাক্ত কৰা হোৱা নাই ৷ প্ৰাথমিক তদন্তত মৃতকৰ বয়স 30 ৰ পৰা 35 বছৰ হ’ব লাগে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ এফএছএল অনুসন্ধানৰ পিচত মৃতদেহটো এমডিএম শৱগৃহলৈ প্ৰেৰণ কৰা হ'ব । ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ অহা পশ্চিম প্ৰান্তৰ ডিচিপি গৌৰৱ যাদৱে কয় যে, এই ঘটনাৰ তদন্তৰ বাবে পাঁচটা দল গঠন কৰা হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে কুকুৰৰ এটা দল লৈও তদন্ত অব্যাহত ৰাখিছে ৷

যিহেতু মৃতদেহটো ৰে’লৰ ট্ৰেকৰ ওচৰত পোৱা গৈছে, সেয়েহে ৰে’ল কটাৰ ফলত মহিলাগৰাকীৰ মূৰটো বিচ্ছিন্ন হোৱাৰো সম্ভাৱনা আছে, কিন্তু এতিয়ালৈ এই ঘটনাক হত্যাকাণ্ড বুলিয়েই আশংকা কৰা হৈছে ৷ সেয়েহে, আমি হত্যা কৰাৰ সম্ভাৱনা কৰি ঘটনাৰ অনুসন্ধান কৰি আছো ৷

আনহাতে প্ৰাথমিক অনুসন্ধানত এইটোও প্ৰকাশ হৈছে যে, হত্যাৰ পিচত মৃতদেহটো ইয়ালৈ অনা হৈছিল ৷ হত্যাকাৰীয়ে মহিলগৰাকীক শিৰচ্ছেদ কৰি মূৰটো অন্য ঠাইত পেলাই শৰীৰটো এই ঠাইত পেলাই দিছে ৷ কাৰণ এই মুহূৰ্তত ঘটনাস্থলীত হত্যাৰ প্ৰমাণ পোৱা হোৱা নাই ৷

আৰক্ষীয়ে মুণ্ডহীন মৃতদেহটো চিনাক্ত কৰিবলৈ শেহতীয়াকৈ অঞ্চলটোৰ আৰক্ষী থানাত নিৰুদ্দেশ হোৱা মহিলাৰ তথ্য বিচাৰি তদন্ত কৰা আৰম্ভ কৰিছে ৷ নিখোজ মহিলাৰ কিমানগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে কিমানগৰাকীক উদ্ধাৰ কৰা নাই এই সকলোবোৰ তদন্ত কৰা হ’ব ৷

লগতে পঢ়ক: 7 year old girl brutally raped : চুবুৰীয়া পিতা-পুত্ৰৰ ধৰ্ষণৰ বলি ৭ বছৰীয়া কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.