নেশ্যনেল ডেস্ক,26 জুলাই: ৰাজস্থানৰ কৌৰালি জিলাত সোমবাৰে ঘটিল এক আজৱ ঘটনা ৷ আশ্ৰফ আলীৰ পত্নী ৰেশমীয়ে জন্ম দিলে 5 টিকৈ সন্তান (Woman delivers 5 babies in Rajasthan) ৷ সাধাৰণ প্ৰসৱৰ জৰিয়তে 5 টাকৈ সন্তান জন্ম দিয়াৰ খবৰে সম্প্ৰতি লাভ কৰিছে বিশেষ চৰ্চা ৷
কৌৰালি জিলাৰ আশ্ৰফ আলীৰ পত্নী ৰেশমীয়ে সোমবাৰে তিনিগৰাকী কন্যা আৰু দুটি পুত্ৰ সন্তান প্ৰসৱ কৰে ৷ নিৰ্ধাৰিত সময়তকৈ পূৰ্বে প্ৰসৱ হোৱাৰ বাবেই পাঁচ সন্তানৰ ভিতৰত মাত্ৰ দুটি সন্তানহে জীৱিত অৱস্থাত থাকিল (Pre-mature delivery) ৷ ভাৰত হাস্পতালৰ পৰিচালক, ডাঃ ভৰতলাল মীনা, আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ আশা মীনাই কয় যে, "গৰ্ভাৱস্থাৰ ৭ মাহত সন্তানকেইটা জন্ম হৈছিল, গতিকে ই অকালতে প্ৰসৱ । শিশুকেইটিক কৌৰালিস্থিত মাতৃ আৰু শিশুসেৱা হাস্পতাললৈ লৈ যাবলৈ আমি পৰামৰ্শ দিছিলো ।"
প্ৰাপ্ত খবৰ অনুসৰি, মহিলাগৰাকীয়ে বিবাহৰ ৭ বছৰৰ পাছত সন্তান প্ৰসৱ কৰিছে ।
জীৱিত অৱস্থাত থকা শিশু দুটিক উন্নত চিকিৎসাৰ বাবে এম্বুলেন্সৰ জৰিয়তে জয়পুৰলৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান দুয়োটি শিশুৰ অৱস্থা সুষ্ঠিৰ বুলি জানিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক: Lovlina Tweet Against Boxing Federation: মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে লাভনীনা বৰগোঁহাই!