নেশ্যনেল ডেস্ক,১১ জুন : দেশমাতৃক সুৰক্ষা প্ৰদান কৰা এগৰাকী সেনা জোৱানৰ পৰিয়ালে আজি ভুগিবলগীয়া হৈছে নিৰাপত্তাহীনতাত । বিপদত পৰিছে সেনা জোৱানগৰাকী পত্নী । পত্নীক সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে সেনা জোৱানগৰাকীয়ে । শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ।
কাশ্মীৰত নিয়োজিত এগৰাকী সেনা জোৱানে পত্নীয়ে ভোগ কৰা কষ্টৰ বিষয়ে আলোকপাত কৰি এটা ভিডিঅ' টুইটাৰত প্ৰকাশ কৰিছে । সেনা জোৱানগৰাকীয়ে দাবী কৰা মতে তামিলনাডুৰ নাগাপট্টিনম জিলাৰ কাডাভাচাল গাঁৱত একাংশ লোকে তেওঁৰ পত্নীক অৰ্ধ-উলংগ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে ।
অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল এন থিয়াগাৰাজনে টুইটাৰত এই ভিডিঅ'টো পোষ্ট কৰিছে । ভিডিঅ'টোত তামিলনাডুৰ পাদ্বেদু গাঁৱৰ হাবিলদাৰ প্ৰভাকৰণে সহায় ভিক্ষা কৰা দেখা গৈছে । সেনা জোৱানজনে উল্লেখ কৰা মতে তেওঁৰ পত্নীয়ে অগ্নিপৰীক্ষা দিবলগীয়া হৈছে ।
সেনা জোৱানগৰাকীয়ে ভিডিঅ'টোত কৈছে, "মোৰ পত্নীয়ে লীজত থকা ঠাইত এখন দোকান চলায় । তেওঁক ১২০ জন লোকে প্ৰহাৰ কৰিছে আৰু দোকানৰ সামগ্ৰীবোৰ বাহিৰলৈ উলিয়াই দিছে । মই আৰক্ষী অধীক্ষকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো আৰু তেওঁ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে । ডিজিপি ছাৰ, অনুগ্ৰহ কৰি সহায় কৰক । তেওঁলোকে মোৰ পৰিয়ালক ছুৰীৰে আক্ৰমণ কৰাৰ লগতে ভাবুকি প্ৰদান কৰিছে । মোৰ পত্নীক অৰ্ধ-উলংগ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে ।"
- — Lt Col N Thiagarajan Veteran (@NTR_NationFirst) June 10, 2023 " class="align-text-top noRightClick twitterSection" data="
— Lt Col N Thiagarajan Veteran (@NTR_NationFirst) June 10, 2023
">— Lt Col N Thiagarajan Veteran (@NTR_NationFirst) June 10, 2023
ভাইৰেল ভিডিঅ'টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দাবীটো মনে সজা বুলি ধাৰণা কৰা হৈছে যদিও কন্ধৱাচাল আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে । আৰক্ষীৰ অনুসন্ধান অনুসৰি, ৰেণুগাম্বল মন্দিৰৰ ভূমিত নিৰ্মাণ কৰা এখন দোকান কুমাৰ নামৰ এজনে ৫ বছৰৰ বাবে প্ৰভাকৰণৰ শহুৰেক চেলভামূৰ্তিক ৯.৫ লাখ টকাত লীজত দিছিল । কুমাৰৰ মৃত্যুৰ পাচত, তেওঁৰ পুত্ৰ ৰামুৱে দোকানখন ঘূৰাই বিচাৰিছিল । সেয়েহে তেওঁ টকা ঘূৰাই দিবলৈ সন্মত হৈছিল আৰু ১০ ফেব্ৰুৱাৰীত তেওঁলোকৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল ।
ৰামুৱে দাবী কৰা মতে, চেলভামূৰ্তিয়ে টকা ল'বলৈ অস্বীকাৰ কৰিছিল আৰু দোকানখন এৰিবলৈ অস্বীকাৰ কৰিছিল । ১০ জুনত, ৰামুৱে টকা দিবলৈ দোকানলৈ গৈছিল । অভিযোগ অনুসৰি সেই সময়ত ৰামুক আক্ৰমণ কৰা হৈছিল । অভিযোগ অনুসৰি এই আক্ৰমণত ৰামু গুৰুতৰভাৱে আহত হৈছিল ।
আৰক্ষীয়ে দাবী কৰিছে যে এই কাজিয়াৰ পাছতে চুবুৰীয়া একাংশই ৰামুৰ সমৰ্থনত ওলাই আহিছিল । ফলত দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু লোকসকলে দোকানৰ সামগ্ৰীবোৰ বাহিৰলৈ উলিয়াই দিছিল । আৰক্ষীয়ে দাবী কৰা মতে প্ৰভাকৰণৰ পত্নী কীৰ্তি আৰু তেওঁৰ মাতৃ দোকানখনতে আছিল । কিন্তু ৰাইজে তেওঁলোকক আক্ৰমণ কৰা নাছিল ।
পাছত প্ৰভাকৰণৰ পত্নী চিকিৎসালয়ত ভৰ্তি হয় । জোৱানজনে যিধৰণে দাবী কৰিছে যে তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । কিন্তু আৰক্ষীয়ে এই দাবীটো খণ্ডন কৰিছে । ইফালে, তামিলনাডুৰ বিজেপি প্ৰধান কে আন্নামালাই সেনা জোৱানগৰাকীৰ সৈতে কথা পাতি কয় যে বিজেপিয়ে বিষয়টোত গুৰুত্ব দিবলৈ বিভাগীয় কৰ্তৃপক্ষক হেঁচা দিব ।