ETV Bharat / bharat

Allegation of Phone Hacking : কেৱল বিৰোধী নেতাৰে কিয় ? ফোন হেকিং প্ৰচেষ্টাৰ সতৰ্কবাণী সন্দৰ্ভত চিদাম্বৰম

কেইবাগৰাকীও বিৰোধী নেতাই বিজেপি চৰকাৰে তথ্য উলংঘনৰ প্ৰয়াসৰ অভিযোগ অনাৰ পিছত বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী নেতাকেইগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ ফোন আৰু ইমেইলত এপলৰ পৰা বাৰ্তা লাভ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:32 PM IST

কেৱল বিৰোধী নেতাৰে কিয় ? ফোন হেকিং প্ৰচেষ্টাৰ সতৰ্কবাণী সন্দৰ্ভত চিদাম্বৰম
Allegation of Phone Hacking

নিউজ ডেস্ক, ১ নৱেম্বৰ : বিৰোধী নেতাৰ ফোন হেকিং বিষয়টোক লৈ বৰ্তমান দেশৰ ৰাজনীতি গৰম হৈ আছে । বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । এইবাৰ এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে । বুধবাৰে তেওঁ বিৰোধী নেতাসকলে কৰা অভিযোগৰ ফলত উদ্ভৱ হোৱা বিতৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

উল্লেখ্য যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ফোন হেকিং কৰিবলৈ প্ৰচেষ্টা চলোৱা সন্দৰ্ভত সতৰ্কবাণী লাভ কৰা বুলি দাবী কৰা বিৰোধী নেতাসকলৰ ভিতৰত তেওঁৰ নিজৰ দলৰো বহুকেইগৰাকী নেতা আছে । চিদাম্বৰমে বিষয়টো সন্দৰ্ভত চৰকাৰৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ।

  • It is undeniable that hundreds of Opposition leaders got an alert from Apple of a state-sponsored attempt to compromise their phones

    Why only Opposition leaders?

    Who will be interested in compromising the phones of Opposition leaders?

    After the Pegasus mystery (not resolved…

    — P. Chidambaram (@PChidambaram_IN) November 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এক্সৰ এটা পোষ্টত তেওঁ কয়, "এয়া অনস্বীকাৰ্য যে শ শ বিৰোধী নেতাই এপলৰ পৰা তেওঁলোকৰ ফোন হেকিঙৰ বাবে ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত কৰা প্ৰচেষ্টাৰ সতৰ্কবাণী লাভ কৰিছে । কিন্তু কেৱল বিৰোধী নেতাসকলে কিয় ? বিৰোধী নেতাসকলৰ ফোন হেকিং কৰিবলৈ কোন আগ্ৰহী হৈছে ? পেগাছাছ ৰহস্যৰ পিছত (বৰ্তমানলৈকে ইয়াৰ সমাধান হোৱা নাই) সন্দেহৰ আঙুলি এটা চৰকাৰী সংস্থালৈ যায় । এই মুহূৰ্তত এয়া কেৱল এক সন্দেহ ।"

উল্লেখ্য যে, কেইবাগৰাকীও বিৰোধী নেতাই বিজেপি চৰকাৰে তথ্য উলংঘনৰ প্ৰয়াসৰ অভিযোগ অনাৰ পিছত বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী নেতাকেইগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ ফোন আৰু ইমেইলত এপলৰ পৰা বাৰ্তা লাভ কৰিছে । আনহাতে, তেওঁলোকৰ দাবীৰ প্ৰমাণ দিবলৈ এপলৰ পৰা অহা বুলি দাবী কৰা স্ক্ৰীণশ্বটো দেখুৱাইছে । তেওঁলোকৰ দাবী, এপলৰ পৰা তেওঁলোকৰ মোবাইল আৰু ইমেইলত এই সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছিল । "ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে আইফোনক লক্ষ্য কৰি ল'ব পাৰে ।" নেতাসকলে অভিযোগ কৰে ।

কংগ্ৰেছৰ শশী থাৰুৰ, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ, শিৱসেনাৰ (ইউবিটি) প্ৰিয়ংকা চতুৰ্বেদী আৰু আপৰ ৰাঘৱ চাড্ডাই এপলৰ পৰা লাভ কৰা উক্ত বাৰ্তাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে । তাৰ পিছত এপলে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে ই 'কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা আক্ৰমণকাৰী সম্পৰ্কীয় ভাবুকিৰ জাননী নহয়' । আনহাতে, পূৰ্বতে এপলে কৈছিল যে এই 'জাননীবোৰ মিছা এলাৰ্মো হ'ব পাৰে' ।

মঙলবাৰে কেন্দ্ৰৰ চোৰাংচোৱাগিৰি আৰু বিৰোধী নেতাসকলৰ মোবাইল হেকিং প্ৰচেষ্টাৰ বাতৰি পোহৰলৈ অহাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক পেগাছাছ সদৃশ চোৰাংচোৱাগিৰিৰ প্ৰচেষ্টাৰ অভিযোগ উত্থাপন কৰে আৰু তেওঁৰ ফোনতো এইটো পুনৰ কৰিব পাৰে বুলি শংকা ব্যক্ত কৰে ।

লগতে তেওঁ এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে আদানিৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগে লগে বিৰোধী নেতাসকলৰ বিৰুদ্ধে চোৰাংচোৱা সংস্থাক সক্ৰিয় কৰা হয় । "পূৰ্বতে মই ভাবিছিলোঁ যে প্ৰথম হৈছে প্ৰধানমন্ত্ৰী মোদী, দ্বিতীয় আদানি আৰু তৃতীয় অমিত শ্বাহ । কিন্তু এইটো ভুল; প্ৰথম আদানি, দ্বিতীয় হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু তৃতীয় অমিত শ্বাহ । আমি ভাৰতৰ ৰাজনীতি বুজি পাইছোঁ আৰু এতিয়া আদানিজী পলাই যাব নোৱাৰে । বিভ্ৰান্তিৰ ৰাজনীতি চলি আছে ।"

সংবাদমেলৰ সময়ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে তেওঁলোকৰ ফোন নিৰ্মাতাৰ পৰা কেইবাগৰাকীও বিৰোধী নেতাই 'ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে তেওঁলোকৰ ফোন হেকিং কৰিবলৈ চেষ্টা কৰা' সম্পৰ্কে লাভ কৰা সতৰ্কবাণীৰ ই-মেইলৰ এটা প্ৰতিলিপিও প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক :Apple on Opposition MPs' claims : বিৰোধী নেতাৰ আইফোন হেকিঙৰ চেষ্টা, এপলৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.