ETV Bharat / bharat

ICC World Cup 2023: আফগান অধিনায়কক আউট কৰাৰ পিচত বুমৰাহে কিয় অনুকৰণ কৰিছিল মাৰ্কাছ ৰেছফোৰ্ডেক ? - World Cup 2023

আফগানিস্তানৰ বিৰুদ্ধে হোৱা খেলখনত ইংলেণ্ডৰ ফুটবল খেলুৱৈ মাৰ্কাছ ৰাছফোল্ডক অনুকৰণ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া যশপ্ৰীত বুমৰাহৰ । বুমৰাহে উল্লেখ কৰিছিল যে, তেওঁ কিছু সময় আগতে ৰেছফৰ্ডক এনে কৰা দেখিছিল আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলৰ সময়ত এইটো মনত ৰাখিছিল ৷

India star pacer Jasprit Bumrah
আফগান অধিনায়কক আউট কৰাৰ পিচত বুমৰাহে ফুটবল খেলুৱৈ মাৰ্কাছ ৰেছফোৰ্ডেক কিয় অনুকৰণ কৰিছিল
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 9:10 PM IST

নিউজ ডেস্ক, 15 অক্টোবৰ: সমগ্ৰ দেশৰ ক্ৰিকেটপ্ৰেমী এতিয়া আক্ৰান্ত আই চি চি ক্ৰিকেট বিশ্বকাপৰ জ্বৰত ৷ ভাৰতত অনুষ্ঠিত হোৱা এই সন্মানীয় মহাৰণে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি নিৱদ্ধ ৰাখিছে খেলপথাৰত ৷ ভাৰতৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহেও নিজৰ ক্ৰীড়াৰ মাজেৰে এই বিশ্বকাপ উপভোগ কৰা দেখা গৈছে । গুৰুত্বপূৰ্ণ সময়ত উইকেট দখল কৰি তেওঁ দলৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে খেলখনত বুমৰাহে (৪/৩৯) সৰ্বোত্তম প্ৰদৰ্শন দেখুৱাইছিল । এই মেচত আফগানৰ অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীক আউট কৰাৰ পিচত বুমৰাহে ইংলেণ্ডৰ ফুটবল খেলুৱৈ মাৰ্কাছ ৰেছফৰ্ডক অনুকৰণ কৰি তেওঁৰ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু সেই কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ সৈতে জড়িত ফটো আৰু ভিডিঅ’ । পাকিস্তানৰ বিৰুদ্ধে খেলখনত ‘প্লেয়াৰ অৱ দ্য মেচ’ সন্মান লাভ কৰাৰ পিচত এই বিষয়ে মন্তব্য কৰে বুমৰাহে । তেওঁ আফগানিস্তানৰ বিৰুদ্ধে খেলখনত মাৰ্কাছ ৰেছফল্ডক অনুকৰণ কৰাৰ কাৰণ প্ৰকাশ কৰে ৷ বুমৰাহে উল্লেখ কৰে যে, তেওঁ কিছুদিনৰ আগতে ৰেছফোৰ্ডে এই কাম কৰা দেখিছিল আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলখনৰ সময়ত এই কথা মনত পেলাইছিল ।

"এইটো ভাইৰেল হ’বলৈ কৰা হোৱা নাছিল । মোৰ সেই উদ্দেশ্য নাই । ইংলেণ্ডৰ ফুটবল খেলুৱৈ ৰেছফোৰ্ডক তেনেকৈয়ে উদযাপন কৰা দেখা গৈছিল । মই ভাবিছিলো যে ই যথেষ্ট নম্ৰ এক বহিঃপ্ৰকাশ । আফগানিস্তানৰ বিৰুদ্ধে খেলখনত হাছমাতুল্লাহক আউট হোৱাৰ পিচত সেই কথা মোৰ মনত পৰিল । লগে লগে মই তেওঁক অনুকৰণ কৰি উদযাপন কৰিলোঁ । ইয়াৰ আঁৰত কোনো বিশেষ কাৰণ নাই ।’’ বুমৰাহে এইদৰে কয় ।

লগতে পঢ়ক:Cricket World Cup 2023 : ক্ৰিকেট বিশ্বকাপত শচীন, ৰোহিত, কোহলীৰ নামত সৰ্বাধিক অৰ্ধ শতক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.