ETV Bharat / bharat

বিজেপি বিধায়কে অলংকৃত কৰিব নেকি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসন ? - Uttarakhand bi Election

কোন অধিষ্ঠিত হ'ব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত ? বিধায়ক নে কোনো সাংসদৰ হাতলৈ যাব শাসনৰ বাঘজৰী ? একেটা বছৰতে ৰাজ্যখনৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই । নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত কি ক'লে উত্তৰাখণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি মদন কৌশিকে ?

Uttarakhand BJP chief hints new CM likely to be an MLA
Uttarakhand
author img

By

Published : Jul 3, 2021, 6:34 PM IST

নেশ্যনেল ডেস্ক, ৩ জুলাই : তিৰথ সিং ৰাৱটে (Tirath Sing Rawat) উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছত এইবাৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব তাকে চলিছে জল্পনা-কল্পনা । শনিবাৰে এই সন্দৰ্ভত সামান্য আভাস দি উত্তৰাখণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি মদন কৌশিকে কয় যে, এইবাৰ এগৰাকী বিধায়কে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাৰ সম্ভাৱনা আছে । অৱশ্যে বিধায়িনী দলৰ বৈঠকতহে মুখ্যমন্ত্ৰী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । তেওঁ কয় যে, দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত ডেৰাডুনত বৈঠক অনুষ্ঠিত হ'ব ।

মুখ্যমন্ত্ৰী বাছনি কৰাৰ পিছত তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি মদন কৌশিকে (Madan Kaushik) জানিবলৈ দিয়ে । উত্তৰাখণ্ডৰ উপ-নিৰ্বাচনক (Uttarakhand bi Election) লৈ অনিশ্চয়তা অব্যাহত থকাৰ মাজত শুকুৰবাৰে তিৰথ সিং ৰাৱটে (Tirath Sing Rawat) পদত্যাগ কৰে । ৰাৱটৰ পদত্যাগ সন্দৰ্ভত মদন কৌশিকে কয় যে, ৰাৱট মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিবলৈ ১০ ছেপ্তেম্বৰৰ ভিতৰত উত্তৰাখণ্ড বিধানসভালৈ (Uttarakhand Assembly) নিৰ্বাচিত হোৱাৰ প্ৰয়োজন আছিল । কিন্তু মহামাৰীসৃষ্ট পৰিস্থিতিৰ বাবে ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয় আৰু সেয়ে পদত্যাগেই একমাত্ৰ বিকল্প আছিল ।

তেওঁ লগতে কয় যে, নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ কোনো সমস্যা নাছিল । কিন্তু ক'ভিডে বাধাৰ সৃষ্টি কৰিলে । সেয়ে, তিৰথ সিং ৰাৱটে (Tirath Sing Rawat) পদত্যাগ কৰিবলৈ বাধ্য হয় ।

ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ ঠাইত তিৰথ সিং ৰাৱটে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ চাৰি মাহৰ পিছতে পদত্যাগ কৰে । তিৰথ সিং ৰাৱাট পাউৰী গড়ৱালৰ (Pauri Garhwal) লোকসভাৰ সাংসদ আৰু তেওঁ চলিত বৰ্ষৰ ১০ মাৰ্চত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে । মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল অব্যাহত ৰাখিবলৈ তেওঁ ৬ মাহৰ ভিতৰত ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হ'বলগীয়া আছিল । আনহাতে, উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা নৱপ্ৰভাতে চলিত সপ্তাহৰ আৰম্ভণিতে নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি উত্তৰাখণ্ডৰ উপ-নিৰ্বাচন সন্দৰ্ভত বিভ্ৰান্তি দূৰ কৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক:"বৃহত্তৰ টিপ্ৰালেণ্ড" কেৱল নিৰ্বাচনী ৰণ কৌশল আছিল: এন চি দেৱবাৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.