ETV Bharat / bharat

Anil Antony join BJP : প্ৰবীণ কংগ্ৰেছ নেতা এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিৰ বিজেপিত যোগদান

বিজেপিৰ সৈতে মতভেদ আছে বুলি দাবী কৰা অনিল এণ্টনিৰ বিজেপিত যোগদান । কংগ্ৰেছৰ প্ৰবীণ নেতা এ কে এণ্টনিৰ পুত্ৰ এণ্টনি (A K Antony son join BJP)। কেৰালাত কংগ্ৰেছৰ ডিজিটেল মিডিয়া সমন্বয়ক আছিল অনিল এণ্টনি ।

author img

By

Published : Apr 6, 2023, 10:15 PM IST

Anil Antony join BJP
প্ৰাক্তন কংগ্ৰেছী অনিল এণ্টনিৰ বিজেপিত যোগদান

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল : কংগ্ৰেছৰ প্ৰবীণ নেতা এ কে এণ্টনিৰ (Congress veteran AK Antony) পুত্ৰ অনিল এণ্টনিয়ে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে (Anil Antony join BJP)। জানুৱাৰীত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল । পদত্যাগৰ পূৰ্বে, ৩৮ বছৰীয়া অনিলে গুজৰাট সংঘৰ্ষ সম্পৰ্কে বিবিচিৰ তথ্যচিত্ৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত তেওঁ কৈছিল যে, বিজেপিৰ সৈতে তেওঁৰ বৃহৎ মতভেদ থকা স্বত্বেও তেওঁ বিশ্বাস কৰিছিল যে তথ্যচিত্ৰখনে ভাৰতৰ সাৰ্বভৌমত্ব কলুষিত কৰিব পাৰে ।

অনিলে কৈছিল যে, ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত ব্ৰিটিছ সম্প্ৰচাৰকসকলে মতামত ৰাখিলে দেশৰ সাৰ্বভৌমত্ব ক্ষতিগ্ৰস্ত হ'ব । তেওঁ টুইটযোগে লিখিছিল, "বিজেপিৰ সৈতে বৃহৎ মতভেদ থকা স্বত্বেও, মই ভাবো যে যিসকলে কুসংস্কাৰৰ দীঘলীয়া ইতিহাস থকা ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত গড় লৈ উঠা চেনেল বিবিচি আৰু ইৰাক যুদ্ধৰ আঁৰৰ মগজু জেক ষ্ট্ৰ'ৰ মতামত ৰখাটোৱে এক বিপদজনক প্ৰাধান্য স্থাপন কৰিছে, তেওঁলোকে আমাৰ সাৰ্বভৌমত্ব কলুষিত কৰিব।"

অৱশ্যে, বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপিৰ জ্যেষ্ঠ নেতাসকলে অনিলক দলত মুক্ত মনে আদৰণি জনায় (Anil Antony joins saffron party)। যাৰ বাবে বিজেপিৰ সৈতে সেই পাৰ্থক্য এতিয়া নাইকিয়া হোৱা যেন দেখা গৈছে ।

  • Despite large differences with BJP, I think those in 🇮🇳 placing views of BBC, a 🇬🇧 state sponsored channel with a long history of 🇮🇳 prejudices,and of Jack Straw, the brain behind the Iraq war, over 🇮🇳 institutions is setting a dangerous precedence,will undermine our sovereignty.

    — Anil K Antony (@anilkantony) January 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু ডিজিটেল যোগাযোগ বিভাগত অনিল এণ্টনিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল । অৱশ্যে, তেওঁৰ সেই স্থিতি স্বত্বেও তেওঁ দলত অগ্ৰগতিৰ বাবে যথেষ্ট সংগ্ৰাম কৰিছিল । কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয় । যাৰ সৈতে তেওঁ এক কাৰ্যকৰী সম্পৰ্ক শ্বেয়াৰ কৰিছিল ।

অনিলে তিৰুৱন্তপুৰমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙত বি টেক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁ ২০১৭ চনত গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত যোগদান কৰিছিল ।

২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁক কেৰালাত কংগ্ৰেছৰ ডিজিটেল মিডিয়া সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছিল (Political career of Anil Antony)। তেওঁক সেই সময়ৰ ৰাজ্যিক দলৰ সভাপতি মুল্লাপল্লী ৰামচন্দ্ৰন আৰু থাৰুৰে কেৰালালৈ আনিছিল । এই সিদ্ধান্তই দলৰ ভিতৰত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল, কিয়নো কিছুমানে ইয়াক জ্যেষ্ঠ নেতা এণ্টনিৰ জ্যেষ্ঠ পুত্ৰৰ প্ৰচাৰৰ এক কৌশল হিচাপে গণ্য কৰিছিল ।

২০২১ চনৰ কেৰালা বিধানসভা নিৰ্বাচনৰ সময়ত, অনিল কংগ্ৰেছৰ প্ৰচাৰৰ ছ'চিয়েল মিডিয়া শাখা পৰিচালনাৰ দায়িত্বত আছিল । অৱশ্যে, তেওঁ দলৰ ভিতৰত নিজৰ বাবে এক পৃথক পৰিচয় স্থাপন কৰাত ব্যৰ্থ হয় আৰু নিৰ্বাচনৰ পাছত তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থাকে (Anil Antony resigns congress)। ২০২০ চনত অনিলক ইউৰোপীয় ইউনিয়ন ভিজিটৰ্ছ প্ৰগ্ৰাম (ইইউভিপি)ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল । তেওঁ একে বছৰৰ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্নেষ্ট আৰু জুলিঅ গেল' স্কুল অৱ মেনেজমেণ্টৰ পৰামৰ্শদাতা পৰিষদতো যোগদান কৰিছিল ।

লগতে পঢ়ক :Excise policy scam: আজি দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব মনীষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.