ETV Bharat / bharat

দক্ষিণ ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - দক্ষিণ ত্ৰিপুৰাত ড্ৰাগছ জব্দ বাতৰি

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সদৰ এছডিপিঅ’ (SDPO) আৰু আমতলী এছডিপিঅ’ (SDPO)ৰ নেতৃত্বত দুটা দল গঠন কৰা হয় ৷ দুয়ো দলে পৃথকে পৃথকে সমীৰ বণিক নামৰ এজন ব্যক্তিৰ দোকান আৰু বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷

As_ntl_west-tripura-police-raid-against-drugs-vis
দক্ষিণ ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By

Published : Jun 6, 2021, 9:28 AM IST

আগৰতলা,6 জুন: এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই প্ৰায় 75 লাখ টকাৰ নগদ ধন, 13 গ্ৰাম ব্ৰাউন চুগাৰ, 150 য়াবা টেবলেট, 572 গ্ৰাম সোণৰ লগতে 45,000 বাংলাদেশী ধন জব্দ কৰে ৷ সামগ্ৰীখিনি ত্ৰিপুৰাৰ এ ডি নগৰৰ সমীৰ বণিক নামৰ এজন লোকৰ পৰা জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি অভিযুক্ত সমীৰ বণিকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

দক্ষিণ ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

অভিযান সন্দৰ্ভত দক্ষিণ ত্ৰিপুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ্বৰ ৰেড্ডীয়ে কয়, ‘গোপন সূত্ৰ তথ্যৰ ভিত্তিত সদৰ এছডিপিঅ’ (SDPO) আৰু আমতলী এছডিপিঅ’ (SDPO)ৰ নেতৃত্বত দুটা দল গঠন কৰা হয় ৷ দুয়ো দলে পৃথকে পৃথকে অভিযুক্ত সমীৰ বণিকৰ বত্তলা বজাৰস্থিত দোকান আৰু এ ডি নগৰৰ বাসগৃহত অভিযান চলায় ৷ প্ৰায় পাঁচ ঘণ্টা জুৰি চলে এই অভিযান ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে আৰু কয়, এই অভিযানত 30,000 টকা অধিক নিষিদ্ধ কফ চিৰাপ জব্দ কৰা হয় ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱা বুলিও জনায় জগদীশ্বৰ ৰেড্ডীয়ে ৷ ইয়াৰ উপৰিও এই সমগ্ৰ ঘটনাটো আবকাৰী আৰু এনফ’ৰ্চ ডাইৰক্টৰেও অনুসন্ধান চলাব কাৰণ ইয়াত হাৱালা লেনদেন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক- বাঁহৰ বিয়েৰ (BAMBOO BEER) প্ৰস্তুত কৰিবলৈ সাজু ত্ৰিপুৰাৰ সমীৰ জামাতিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.