ETV Bharat / bharat

ভাৰতৰ সাৰ্বভৌমত্ব বিৰোধী ৰাষ্ট্ৰৰ বিৰুদ্ধে অমিত শ্বাহৰ হুংকাৰ - Artificial Intelligence

ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনোৱাসকলক তেওঁলোকৰ ভাষাতে সঁহাৰি দিয়া হ'ব । বিএছএফৰ প্ৰতিষ্ঠাপক হিচাপে জনাজাত আধুনিক ভাৰতৰ অন্যতম প্ৰসিদ্ধ আৰক্ষী বিষয়া পদ্ম বিভূষণ কে এফ ৰুস্তমজীৰ স্মৃতিত পালন হোৱা এক অনুষ্ঠানত অংশ লৈ শত্ৰু ৰাষ্ট্ৰসমূহক এইবুলি হুংকাৰ দিলে গৃহমন্ত্ৰী অমিত শ্বাহে ৷

অমিত শ্বাহৰ হুংকাৰ
ভাৰতৰ সাৰ্বভৌমত্তৰ বিৰোধী ৰাষ্ট্ৰৰ বিৰুদ্ধে অমিত শ্বাহৰ হুংকাৰ
author img

By

Published : Jul 17, 2021, 10:32 PM IST

Updated : Jul 18, 2021, 9:14 AM IST

নেচনেল ডেস্ক, 17 জুলাই : নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজন কৰা হয় সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) সমাৱৰ্তন অনুষ্ঠান । ১৮ সংখ্যক এই সমাৱৰ্তন অনুষ্ঠানত (18th Investiture Ceremony) উপস্থিত থাকে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ (Amit shah) ৷ এই কাৰ্যসূচীৰ ৰুস্তমজী স্মাৰক বক্তৃতা (Rustamji Memorial Lecture) অনুষ্ঠানত ভাগ লয় গৃহমন্ত্ৰীগৰাকীয়ে । বক্তৃতা অনুষ্ঠানত ভাষণ প্ৰদান কৰি শত্ৰু ৰাষ্ট্ৰসমূহক লক্ষ্য কৰি তীব্ৰ বাক্যবাণ কৰা দেখা যায় গৃহমন্ত্ৰীগৰাকীক ।

ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনোৱা শত্ৰু ৰাষ্ট্ৰসমূহ সতৰ্ক কৰি দিয়াৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সীমান্ত সুৰক্ষা হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা । দেশৰ বহুতো প্ৰত্যাহ্বান আছে । অৰ্ধসামৰিক বাহিনীৰ ওপৰতো তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে । তেওঁৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰৰ এক স্বতন্ত্ৰ প্ৰতিৰক্ষা নীতি আছে ৷

যাৰ দ্বাৰা দেশৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনোৱাসকলে একে ভাষাতে সঁহাৰি লাভ কৰিব ।

দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৃহমন্ত্ৰীয়ে কয় যে ভাৰতে বিশ্ব মানচিত্ৰত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে । সেয়ে সাহসী আৰু যোদ্ধাসকলক কেতিয়াও পাহৰিব নোৱাৰি । সীমান্ত সুৰক্ষিত কৰি ৰখা বিএছএফ আৰু দেশৰ অৰ্ধ সামৰিক বাহিনীৰ বাবে বিশ্বৰ মানচিত্ৰত ভাৰতে গৌৰৱৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ৭,৫১৬ কিল’মিটাৰ উপকূলীয় সীমান্ত আৰু ১৫,০০০ কিল’মিটাৰতকৈও অধিক স্থল সীমান্ত আছে ।

কিন্তু দীৰ্ঘদিন ধৰি কিছুমান বিশেষ কাৰণত সীমান্ত সুৰক্ষা সম্পৰ্কে কোনো আলোচনা হোৱা নাছিল । অটল বিহাৰী বাজপেয়ীৰ (Atal Bihari Vajpayee) চৰকাৰ গঠন হোৱাৰ লগে লগে এই বিষয়টোত গুৰুত্ব আৰোপ কৰা হৈছিল । শ্বাহে লগতে ইয়াকো কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত কোনেও ভাৰতৰ সীমান্ত আৰু সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাব নোৱাৰে । তেওঁ জম্মু বিমানবন্দৰত শেহতীয়াকৈ হোৱা ড্ৰোণ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বুদ্ধিমত্তা আৰু ৰবটিক্সক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

ৰুস্তমজী আৰু বিএছএফৰ অৱদানৰ কথা সুঁৱৰি কৰি শ্বাহে কয় যে, পূৰ্বে পূৱ পাকিস্তানত মানৱ অধিকাৰৰ অপব্যৱহাৰ কৰা হৈছিল । মহিলাসকলক অত্যাচাৰ কৰা হৈছিল । কিন্তু সেই সময়ত বিএছএফে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ যাৰ পৰিণতিত এতিয়া বাংলাদেশে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিচয় লাভ কৰিছে ।

বিএছএফৰ প্ৰতিষ্ঠাপক খুচৰো ফাৰাজ ৰুস্তমজীয়ে এই অভিযানৰ তদাৰক কৰিছিল । ইফালে বিএছএফৰ এই অনুষ্ঠানত ২৭ গৰাকীতকৈও অধিক বিএছএফ কৰ্মীক বীৰত্বৰ বাবে ১৪ টা আৰক্ষী পদক আৰু মেধাৱী সেৱাৰ বাবে ১৩ টা আৰক্ষী পদকসহ পুৰস্কৃত কৰা হয় । বিএছএফৰ প্ৰতিষ্ঠাপক পিতৃ হিচাপে জনাজাত আধুনিক ভাৰতৰ অন্যতম প্ৰসিদ্ধ আৰক্ষী বিষয়া পদ্ম বিভূষণ কে এফ ৰুস্তমজীৰ স্মৃতিত ২০০৩ চনৰ পৰা বিএছএফৰ সমাৱৰ্তন অনুষ্ঠান উদযাপন কৰা হৈছে ।

লগতে পঢ়ক : ভয়াতুৰসকলক RSSত যোগদানৰ পৰামৰ্শ ৰাহুল গান্ধীৰ

Last Updated : Jul 18, 2021, 9:14 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.