ETV Bharat / bharat

হিংসাই তৃণমূল কংগ্ৰেছৰ অন্তিম অস্ত্ৰ: কৈলাশ বিজয়বাৰ্গিয়া

ৰাজনৈতিক হিংসা তৃণমূল কংগ্ৰেছৰ অন্তিম অস্ত্ৰ বুলি আখ্যা দি বিজেপিৰ নেতা কৈলাশ বিজয়বাৰ্গিয়াই পশ্চিমবংগৰ ৰাজনৈতিক হিংসা 2 মে'ত সমাপ্ত হ'ব বুলি মন্তব্য কৰিছে ৷

Violence is TMC's last weapon, 'politics of violence' will end on May 2: Kailash Vijayvargiya
হিংসাই তৃণমূল কংগ্ৰেছৰ অন্তিম অস্ত্ৰ : কৈলাশ বিজয়বাৰ্গিয়া
author img

By

Published : Mar 29, 2021, 5:18 PM IST

নেচনেল ডেস্ক,29 মাৰ্চ: হিংসাই তৃণমূল কংগ্ৰেছ (টিএমচি) ৰ শেষ অস্ত্ৰ বুলি মন্তব্য কৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৈলাশ বিজয়বাৰ্গিয়াই সোমবাৰে কয় যে, 2 মে'ত এই ৰাজনৈতিক হিংসাৰ সমাপ্তি হ'ব ৷ সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ নেতাগৰাকীয়ে এইবুলি কয়, "এয়াই টিএমচিৰ শেষ অস্ত্ৰ ৷ বেংগলৰ ইতিহাসত এই হ'ব শেষ হিংসা ৷ 2 মে'ৰ পাছত হিংসাৰ ৰাজনীতি সম্পূৰ্ণৰূপে সমাপ্ত হ'ব ৷ "

পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 30 আসনৰ 26 খন আসন বিজেপিয়ে লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজয়বাৰ্গীয়াই কয় যে, দলে আটাইকেইখন আসন লাভ কৰিলেও তেওঁ আচৰিত নহয় ৷

তেওঁ কয়, "আমি যদি 30 খন আসনো লাভ কৰো তেতিয়াও মই আচৰিত নহও ৷ যিধৰণে টিএমচিক ভোটগ্ৰহণ কেন্দ্ৰ আৰু ভুৱা ভোটগ্ৰহণ দখল কৰাত প্ৰতিহত কৰা হৈছিল ৷ ৰাইজে তেওঁলোকৰ পচন্দ অনুসৰি ভোটদান কৰিছে ৷ ৰাইজৰ সন্মতি বিজেপিৰ সৈতে আছে আৰু গুণ্ডাবাহিনী বিফল হৈছে ৷ "

অৱশ্যে টিএমচিৰ সাংসদ নুচৰত জাহানে এক নিৰ্বাচনী প্ৰচাৰ সভাত কৰা বিস্ফোৰক মন্তব্যৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকি তেওঁ এই ঘটনাক দলৰ ভিতৰুৱা কথা বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, শনিবাৰে 79.79 শতাংশ ভোটগ্ৰহণেৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰে ৷ প্ৰথম পৰ্যায়ত পুৰুলীয়া, ঝাৰগ্ৰাম জিলাৰ লগতে আৰু বাংকুৰাম, পূৰ্ব মেদিনীপুৰ, পশ্চিম মেদিনীপুৰৰ এটা অংশৰ বিধানসভা সমষ্টি সমূহত 30 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় ৷

294 জনীয়া সদস্যৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাকী থকা সাতটা পৰ্যায়ৰ নিৰ্বাচন বেলেগ বেলেগ তাৰিখত অনুষ্ঠিত হ'ব ৷ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ 29 এপ্ৰিলত অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে 2 মে'ত ভোট গণনা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: এলডিএফ, ইউডিএফৰ দৰে সাপ কেৰালাক নালাগে : গিৰিৰাজ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.