ETV Bharat / bharat

ভিজা কিতাপৰ মাজত এগৰাকী ছাত্ৰীৰ বিননি - Flood in India

ৰূষ্ট প্ৰকৃতিৰ ৰোষত ৰোষত পৰি এতিয়া দিশহাৰা হৈ পৰিছে সোমিয়া আন্দেৱালা ৷ ভিজা আৰু নষ্ট হৈ যোৱা কিতাপেই এতিয়া জীৱন গঢ়াৰ সম্বল সোমিয়াৰ (Girl Crying After Losing books over flood in house) ৷ পিছে কোন এই সোমিয়া ? কিয় আজিৰ প্ৰতিবেদনত স্থান পাইছে সোমিয়াই ? সবিশেষ এই বাতৰিত...

Girl Crying After Losing books over flood in house
ভিজা কিতাপৰ মাজত এগৰাকী যুৱতীৰ বিননি
author img

By

Published : Sep 9, 2022, 8:15 PM IST

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ : ৰূষ্ট হৈছে প্ৰকৃতি ৷ প্ৰকৃতিৰ ৰোষত পৰিছে ভাৰতৰ কেবাখনো ৰাজ্য ৷ উত্তৰাখণ্ড, হিমাচল, উৰিষ্যা আৰু ঝাৰখণ্ডত বিগত কেবাদিনৰ পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

মুষলধাৰ বৰষুণৰ ফলত হোৱা বানে এতিয়া দেশৰ ভিন্ন প্ৰান্তত চলাইছে তাণ্ডৱ লীলা (Flood in India) ৷ দেশৰ বিভিন্ন প্ৰান্তত এই বানে ক্ষতিসাধন কৰিছে বহু হেজাৰ পৰিয়ালক ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে অন্য এক ভিডিঅ’ ৷ যিটো ভিডিঅ’ প্ৰত্যক্ষ কৰিলে আপোনাৰো দুচকু সেমেকি উঠিব ৷

আমি ক’বলৈ লোৱা ঘটনাটো কৰ্ণাটকৰ মঞ্জুনাথ নগৰৰ ৷

বিগত কেবাদিন ধৰি জিলাখনত হোৱা মুষলধাৰ বৰষুণৰ ফলত বানে চলাইছিল ধ্বংসলীলা ৷ বানত বুৰ গৈছিল জিলাখনৰ বহু অঞ্চল ৷ একপ্ৰকাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছিল কৰ্ণাটকৰ মঞ্জুনাথ নগৰবাসীৰ ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এগৰাকী বিশেষ কিশোৰী ৷

লগতে পঢ়ক : Gujarat floods: প্ৰলয়ংকাৰী বানৰ কৱলৰ পৰা উদ্ধাৰ 811 গৰাকী লোক

ভিজা কিতাপৰ মাজত আছে এগৰাকী কিশোৰী ৷ কিশোৰীগৰাকীৰ নাম সোমিয়া আন্দেৱালা ৷ ভিজা কিতাপবোৰ মেলি মেলি যুৱতীগৰাকীয়ে কেৱল মাথো উচুপিছে ৷ কিয়নো জিলাখনত হোৱা বানে বুৰাই পেলাইছিল সোমিয়াৰ ঘৰ ৷ ফলত সোমিয়াৰ ঘৰৰ অন্য সামগ্ৰীৰ দৰে তেওঁৰ অধ্যয়নৰ সকলো সামগ্ৰী বুৰ গৈছিল পানীৰ তলত (Video of Girl Crying After Losing books over flood in house) ৷

ভিজা কিতাপৰ মাজত এগৰাকী ছাত্ৰীৰ বিননি

বৰ্তমান কৰ্ণাটকৰ মঞ্জুনাথ নগৰৰ বান পৰিস্থিতি কিছু সাম কাটিছে ৷ কিন্তু সোমিয়াৰ অধ্যয়নৰ সকলো সামগ্ৰী বিশেষকৈ বহু কিতাপ নষ্ট হৈ গৈছে ৷ ভিজা তথা নষ্ট হৈ যোৱা কিতাপবোৰ দেখি এতিয়া শোকত ভাগি পৰিছে সোমিয়া ৷ অধ্যয়নৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা সোমিয়াৰ সপোন এতিয়া ভাগি যোৱাৰ পথত ৷

কি কৰিব, ক’লৈ যাব ? কাক ক’ব তেওঁৰ দোষৰ কথা ৷ অতি দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবে সোমিয়া এতিয়া দিশহাৰা হৈ পৰিছে ৷ উপায়ন্তৰ হৈ সোমিয়া বিচাৰিছে এতিয়া কোনো সদাশয় লোকৰ সহায় ৷ কিশোৰীগৰাকীৰ অনুৰোধ, ‘‘মোক কোনোবাই কিনি দিয়ক নষ্ট হৈ যোৱা মোৰ কিতাপবোৰ’’ ৷

অধ্যয়নৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা কিশোৰীগৰাকীৰ এই ভিডিঅ’ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক : পাকিস্তানত বিধ্বংসী বান, মৃত্যুৰ সংখ্যা ১৩২৫ গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.