ETV Bharat / bharat

ন্য়ায়ালয়ত মাতৃভাষাতে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

author img

By

Published : Jul 31, 2021, 4:51 PM IST

মাতৃভাষাৰ বাহিৰে আন ভাষা নজনা লোকসকলেও যাতে আদালতত উপস্থিতত থাকি নিজৰ সমস্যাৰ বিষয়ে প্ৰকাশ কৰিব পাৰে তাৰ বাবে সুবিধা আগবঢ়াবলৈ আহ্বান জনালে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে(M. Venkaiah Naidu)। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনা(N.V. Ramana)ই শেহতীয়াকৈ এগৰাকী মহিলাক আদালতত তেলেগু ভাষাত কথা ক'বলৈ অনুমতি দিয়াৰ প্ৰসংগ উত্থাপন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ন্যায়পালিকাই নাগৰিকক তেওঁলোকৰ সমস্যাবোৰ মাতৃভাষাতে প্ৰকাশ কৰিবলৈ অনুমতি দিয়াতো কিমান প্ৰয়োজন সেয়া এই ঘটনাৰ জৰিয়তেই বুজিব পাৰি । লগতে ন্যায়াধীশৰ ৰায়ো মাতৃভাষাতে দিলে সুবিধাজনক হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

Vice President Venkaiah Naidu
ন্য়ায়ালয়ত মাতৃভাষাতে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ সুযোগ দিয়াৰ বাবে আহ্বান উপ ৰাষ্ট্ৰপতিৰ

নেশ্যনেল ডেস্ক, ৩১ জুলাই : উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ(M. Venkaiah Naidu) মতে, আদালতত স্থানীয় ভাষাতে ৰায় দান দিয়া আৰু গোচৰৰ সৈতে জড়িত লোকক মাতৃভাষাতে তেওঁলোকৰ সমস্যাৰ বিষয়ে প্ৰকাশ কৰিবলৈ সুযোগ দিয়া উচিত । কিয়নো, আন ভাষা নজনা বাবে বহু লোকে নিজৰ সমস্যাৰ বিষয়ে আদালতত প্ৰকাশ কৰিবলৈ অসুবিধা হয় । সেয়ে তেওঁ আদালতত মাতৃভাষা ব্যৱহাৰৰ অনুমতি দিবলৈ আহ্বান জনায় । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনা(N.V. Ramana)ই শেহতীয়াকৈ এগৰাকী মহিলাক আদালতত তেলেগু ভাষাত কথা ক'বলৈ অনুমতি দিয়াৰ প্ৰসংগ উত্থাপন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ন্যায়পালিকাই নাগৰিকক তেওঁলোকৰ সমস্যাবোৰ মাতৃভাষাতে প্ৰকাশ কৰিবলৈ অনুমতি দিয়াতো কিমান প্ৰয়োজন সেয়া এই ঘটনাৰ জৰিয়তেই বুজিব পাৰি ।

ন্যায়াধীশৰ ৰায়ো মাতৃভাষাতে দিলে সুবিধাজনক হ'ব বুলিও তেওঁ মন্তব্য কৰে । শনিবাৰে মাতৃভাষাৰ সুৰক্ষা সন্দৰ্ভত 'তেলেগু কোটামী'(Telugu Kootami)য়ে আয়োজন কৰা এক ভাৰ্চুৱেল সন্মিলনত ভাষণ প্ৰদান কৰি নাইডুৱে কয় যে, মাতৃভাষাৰ ব্যৱহাৰ নোহোৱাৰ ফলত অৱশেষত আত্ম-পৰিচয় আৰু আত্মসন্মান হেৰুৱাবলগীয়া হয় । তেওঁ কয় যে, সংগীত, নৃত্য, নাটক, ৰীতি-নীতি, উৎসৱ আদি দেশৰ ঐতিহ্যৰ বিভিন্ন দিশ কেৱল মাতৃভাষাক সুৰক্ষা দিহে সংৰক্ষণ কৰা সম্ভৱ হ'ব । ভাৰতীয় ভাষাৰ সুৰক্ষা আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে উদ্ভাৱনীমূলক আৰু সহযোগিতামূলক প্ৰচেষ্টা চলাবলৈও নাইডুৱে আহ্বান জনায় ।

ভাষা সংৰক্ষণ আৰু ইয়াৰ ধাৰাবাহিকতা কেৱল মানুহে নিজৰ প্ৰয়াসৰ জৰিয়তেহে অক্ষুণ্ণ ৰাখিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে । মাতৃভাষা সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন শ্ৰেষ্ঠ পদ্ধতিৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষাবিদ, শিক্ষক, অভিভাৱক আৰু সংবাদ মাধ্যমক এনে দেশৰ পৰা আদৰ্শ তথা ভাষা সুৰক্ষাৰ কৌশল আয়ত্ব কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, ফ্ৰান্স, জাৰ্মানী আৰু জাপানৰ দৰে দেশসমূহে অভিযান্ত্ৰিক, ঔষধ আৰু আইনৰ দৰে বিভিন্ন ক্ষেত্ৰত মাতৃভাষা ব্যৱহাৰ কৰি প্ৰতিটো ক্ষেত্ৰত ইংৰাজী ভাষী দেশসমূহৰ তুলনাত নিজকে শক্তিশালী হিচাপে প্ৰমাণিত কৰিছে ।

বিস্তৃত প্ৰসাৰৰ সুবিধাৰ্থে তেওঁ বৈজ্ঞানিক আৰু কাৰিকৰী দিশত ভাৰতীয় ভাষাসমূহ উন্নত কৰাৰ পৰামৰ্শ দিয়ে । ভাৰতীয় ভাষাসমূহ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে এটা ভাষা জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত অনুবাদৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে । তেওঁ ভাৰতীয় ভাষাত অনুবাদৰ মান উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.