ETV Bharat / bharat

জন্মদিনত দেশবাসীক কি আহ্বান ভেংকয়া নাইডুৰ...

author img

By

Published : Jul 1, 2021, 7:45 PM IST

ক'ভিড-১৯ ৰ টীকাকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে চলিত বৰ্ষৰ শেষলৈকে টীকাকৰণ অভিযান সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগীয় লোকসকলক আহ্বান জনালে উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে । বৃহস্পতিবাৰে প্ৰখ্যাত নেফ্ৰ'ল'জিষ্ট ডাঃ জৰ্জি আব্ৰাহামৰ এখন গ্ৰন্থ উন্মোচন কৰি তেওঁ এই মন্তব্য কৰে ।

Venkaiah Naidu urges stakeholders to achieve full COVID vaccination target by year end
জন্মদিনত দেশবাসীক কি আহ্বান ভেংকয়া নাইডুৰ...

নেশ্যনেল ডেস্ক, ১ জুলাই : চিকিৎসক দিৱসৰ দিনা চেন্নাইত নেফ্ৰ'ল'জিষ্ট ডাঃ জৰ্জি আব্ৰাহামৰ "MY PATIENTS MY GOD- JOURNEY OF A KIDNEY DOCTOR" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে । যোৱা চাৰি দশকত চিকিৎসক, শিক্ষাবিদ আৰু গৱেষক হিচাপে ডাঃ আব্ৰাহামৰ পেছাদাৰী যাত্ৰাৰ বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত । চিকিৎসক দিৱসত তেওঁ প্ৰখ্যাত চিকিৎসক, শিক্ষাবিদ আৰু স্বাধীনতা সংগ্ৰামী ডাঃ বিধান চন্দ্ৰ ৰয়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্ম বাৰ্ষিকী উপলক্ষে আজি সমগ্ৰ দেশতে চিকিৎসক দিৱস পালন কৰা হৈছে ।

ডাঃ জৰ্জি আব্ৰাহামৰ গ্ৰন্থখন উন্মোচন কৰাৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ক'ভিড-১৯ ৰ টীকাকৰণক লৈ থকা মানুহৰ শংকা দূৰ কৰাৰ প্ৰয়োজন আছে । সমাজৰ একাংশ লোকে এতিয়াও প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ভয় কৰে আৰু এই ভয় দূৰ কৰা প্ৰয়োজন । ভাৰতত টীকাকৰণ অভিযান 'জন আন্দোলন'লৈ পৰিণত হ'ব লাগে ৷

চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক সজাগতা সৃষ্টি আৰু টীকাকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'বলৈ আহ্বান জনায় । চলিত বৰ্ষৰ শেষলৈকে টীকাকৰণ অভিযান সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগীয় লোকসকলক আহ্বান জনায় উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে । কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত সকলো শ্ৰেণীৰ লোকৰ সমৰ্থন গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, প্ৰতিষেধক গ্ৰহণ কৰিবলৈ শংকিত হৈ থকা লোকসকলে নিজৰ লগতে পৰিয়ালৰ সদস্যসকলক বিপদত পেলাইছে ।

টীকাকৰণ অভিযানৰ গতি তৰান্বিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনাই তেওঁ অভিনেতা-অভিনেত্ৰী, খেলুৱৈ আৰু জনপ্ৰতিনিধিকে তথা বিভিন্ন ক্ষেত্ৰৰ তাৰকাসকলক আগবাঢ়ি আহি মানুহক সজাগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, ক'ভিড-১৯ মহামাৰীক পৰাস্ত কৰাৰ মূল উপায় হৈছে দ্ৰুত টীকাকৰণ । ভাৰতত ইতিমধ্যে ৩২ কোটিতকৈও অধিক পালি প্ৰদান কৰা হৈছে, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰা মুঠ টীকাকৰণৰ সংখ্যাক অতিক্ৰম কৰিছে ৷

লগতে পঢ়ক: দৰভাংগা বিস্ফোৰণত জড়িত দুই ভাতৃক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.