ETV Bharat / bharat

মহিলাৰ ৰিপ জিন্সক লৈ বিতৰ্কিত মন্তব্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ - ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱতে ৰিপ জিন্স মন্তব্যৰ পিছত সমগ্ৰ দেশতে সৃষ্টি হৈছে বিতৰ্কৰ ৷ স্পষ্টীকৰণৰ বাবে দিল্লীলৈ তলৱ মুখ্যগৰাকীক ৷

মহিলাৰ ৰিপ জিন্সক লৈ বিতৰ্কিত মন্তব্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 19, 2021, 2:34 PM IST

দেৰাদুন, 19 মাৰ্চ : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱতে মহিলাৰ ৰিপ জিন্স মন্তব্যৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সূত্ৰপাতৰ সৃষ্টি হৈছে ৷ মহিলাসকলক উদ্দেশি কৰা মন্তব্যৰ পাছতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মূখ্য মন্ত্ৰী গৰাকীক দিল্লীলৈ তলৱ কৰিছে ৷ বিজেপি ছুপ্ৰিম’ৰ তলৱৰ পিছতেই মূখ্যমন্ত্ৰী ৰাৱতে শুকুৰবাৰে দিল্লীলৈ ৰাওনা হ’ব । উল্লেখ্য যে, ১০ মাৰ্চত উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত তিৰথ সিং ৰাৱতৰ এইটো প্ৰথম দিল্লী ভ্ৰমণ হ’ব ।

আপত্তিজনক মন্তব্যৰ পিছত তীব্ৰ পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাৱতে দলৰ মুৰব্বীক তেওঁৰ মন্তব্যৰ স্পষ্টীকৰণ দিব লগা হ’ব পাৰে । মুখ্য মন্ত্ৰী তিৰথ সিং ৰাৱতে ৰাজ্যৰ চৰকাৰী বিমানত দুপৰীয়া ১২ বজাত দিল্লীলৈ প্ৰস্থান কৰিব আৰু আবেলি ১:৩০ বজাত জে পি নাড্ডাক সাক্ষাৎ কৰিব । ৰাৱতৰ পত্নী ৰশ্মি ত্যাগীয়ে তেওঁৰ স্বামীৰ মন্তব্যক সমৰ্থন কৰি কৈছিল যে তেওঁক প্ৰসংগৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল আৰু অভিযোগ কৰিছিল যে বিৰোধীয়ে তেওঁৰ মন্তব্য ভুলধৰণে উপস্থাপন কৰিছে । সাংস্কৃতিক ঐতিহ্য, পৰিচয় আৰু পৰম্পৰাগত সাজ-পোছাক ৰক্ষা কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে কেৱল সমাজ আৰু দেশ নিৰ্মাণৰ দিশত মহিলাসকলৰ অংশগ্ৰহণ বিচাৰিছিল । বিৰোধীয়ে বিষয়টো উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি নষ্ট কৰিবলৈ চেষ্টা কৰিছে ৷

লগতে পঢ়কঃবাক্সাত বিজেপি কৰ্মীৰ বিশেষ সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.