ETV Bharat / bharat

Omicron threat to Mumbai: লৈছিল তিনিপালি ভেকছিন, তাৰপিছতো আক্ৰান্ত অ’মিক্ৰণত - আমেৰিকাৰ পৰা ওভতা লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি

অ'মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা বৃদ্ধিয়ে পুনৰ দেশত মহামাৰীৰ ভয়াৱহতা বৃদ্ধি কৰিছে (US returnee tests positive for Omicron) । এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উভতি অহা মুম্বাইৰ এজন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি । লোকজনে ফাইজাৰ ভেকচিনৰ তিনিওটা পালি গ্ৰহণ কৰিছিল ।

US returnee tests positive for Omicron in Mumbai
প্ৰতিষেধকৰ তিনিটা পালি লোৱা স্বত্বেও Omicronৰ দ্বাৰা আক্ৰান্ত হ'ল মুম্বাইৰ এজন ব্যক্তি
author img

By

Published : Dec 18, 2021, 12:53 PM IST

Updated : Dec 18, 2021, 7:52 PM IST

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : ক'ভিড-১৯ ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণে পুনৰ ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব নেকি ! পুনৰ লক ডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব নেকি ভাৰতত ! এনে বহু প্ৰশ্নই দেশবাসীক চিন্তিত কৰি তোলাৰ সময়তে নিউয়ৰ্কৰ পৰা উভতি অহা মুম্বাইৰ এজন লোক সংক্ৰমিত হৈছে অ'মিক্ৰণৰ দ্বাৰা (New York returnee tested positive for Omicron) । শুকুৰবাৰে ২৯ বছৰীয়া যুৱকজনৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি ধৰা পৰে (Omicron patient found in Mumbai) ।

মুম্বাই পৌৰ নিগমে এই কথা নিশ্চিত কৰিছে । অৱশ্যে লোকজনৰ দেহত মহামাৰীৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই ।

উল্লেখ্য যে, ফাইজাৰ ভেকচিনৰ তিনিওটা পালি গ্ৰহণ কৰিছিল আক্ৰান্ত লোকজনে । যোৱা ৯ নৱেম্বৰত বিমানবন্দৰত তেওঁৰ ক'ভিড পৰীক্ষা সম্পন্ন হৈছিল আৰু তেতিয়াই মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

পিছত শাৰিৰীক নমুনাবোৰ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । নতুনকৈ আক্ৰান্ত হোৱা এই লোকজনৰ সৈতে মুম্বাইত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হয় ১৫ জনলৈ । ইয়াৰ ভিতৰত মুম্বাইৰ বাহিৰৰ পাঁচজন ৰোগী আছে ।

১৩ জন ৰোগীক ইতিমধ্যে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে । দৰাচলতে আক্ৰান্তসকলৰ এজনৰো শাৰিৰীক অৱস্থা গুৰুতৰ হোৱা নাই ৷ আটাইকেইজন লোক সুস্থিৰ অৱস্থাতে থকা বুলি স্বাস্থ্য় বিভাগে জানিবলৈ দিয়ে ৷ বৰ্তমানলৈকে মহাৰাষ্ট্ৰত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক: Omicron cases in India : দেশত চেঞ্চুৰী কোবাইছে অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যাই

Last Updated : Dec 18, 2021, 7:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.