ETV Bharat / bharat

আৰএছএছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ যোগী আদিত্য নাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পূৰ্বে আৰএছএছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰিলে যোগী আদিত্য নাথে (Yogi Adityanath met RSS chief Mohan Bhagwat)। শনিবাৰে গোৰখপুৰৰ আৰএছএছৰ প্ৰাদেশিক কাৰ্যালয় মাধৱ ধামত দুয়োগৰাকী নেতাৰ বৈঠক । তিনিদিনীয়া ভ্ৰমণসূচীত উত্তৰপ্ৰদেশৰ কেইবাটাও অনুষ্ঠানত উপস্থিত থাকিব মোহন ভাগৱত ।

author img

By

Published : Mar 20, 2022, 3:11 PM IST

Mohan Bhagwat
আৰএছএছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ যোগী আদিত্য নাথৰ

নেচনেল ডেস্ক,২০ মাৰ্চ : বিধানসভা নিৰ্বাচনত বৃহৎ জয়ৰ পাছত পুনৰ যোগী আদিত্য নাথৰ নেতৃত্বত উত্তৰ প্ৰদেশত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে (BJP set to form government in Uttar Pradesh)। দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দেখা যাব যোগী আদিত্য নাথক । অহা ২৫ মাৰ্চত যোগী আদিত্য নাথে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে নেতাগৰাকীয়ে সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতক (Yogi Adityanath met RSS chief Mohan Bhagwat)। শনিবাৰে সন্ধিয়া গোৰখপুৰৰ আৰএছএছৰ প্ৰাদেশিক কাৰ্যালয় মাধৱ ধামত মোহন ভাগৱতক সাক্ষাৎ কৰে যোগী আদিত্য নাথে । প্ৰায় ২৫ মিনিট ধৰি দুয়োগৰাকী নেতা বিশেষ বৈঠকত মিলিত হয় ।

ইফালে, ২০, ২১ আৰু ২২ মাৰ্চত আৰএছএছ প্ৰধানগৰাকী গোৰখপুৰত থাকিব (RSS chief Mohan Bhagwat at Gorakhpur)। মোহন ভাগৱতে গৌৰক্ষা প্ৰদেশৰ বৈঠকত ভাষণ প্ৰদান কৰিব আৰু 'পাৰিবাৰিক প্ৰশিক্ষণ' কাৰ্যসূচীত স্বেচ্ছাসেৱকসকলৰ পৰিয়ালকো সম্বোধন কৰিব । গোৰখপুৰলৈ তেওঁৰ তিনিদিনীয়া ভ্ৰমণকালত ভাগৱতে আৰএছএছ কৰ্মীসকলৰ কাম-কাজৰ পৰ্যালোচনা কৰিব । ২০ আৰু ২১ মাৰ্চত মোহন ভাগৱতে সংগঠন শ্ৰেণী আৰু জাগৰণ শ্ৰেণীৰ এখন বৈঠকত ৰাজ্যিক কাৰ্যবাহীসকলৰ সৈতে মিলিত হ'ব ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হ’ল অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.