নিউজ ডেস্ক, ১৬ জুন : কেন্দ্ৰীয় মন্ত্ৰী ডঃ ৰাজকুমাৰ ৰঞ্জন সিঙে মণিপুৰত তেওঁৰ ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পিছত নিজৰ জন্মস্থানলৈ উভতি আহিছে । নৰেন্দ্ৰ মোদী চৰকাৰৰ নৱম বাৰ্ষিকী উদযাপনৰ অংশ হিচাপে কেৰালাৰ চালাকুডি সমষ্টিকে ধৰি চাৰিটা লোকসভা সমষ্টিত আয়োজিত জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙ কোচিত উপস্থিত হৈছিল । কিন্তু দুৰ্বৃত্তই তেওঁৰ ঘৰত অগ্নিসংযোগ কৰাৰ খবৰ পোৱাৰ লগে লগে মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী বাতিল কৰে আৰু নিজৰ গৃহ চহৰলৈ উভতি যায় ।
ইফালে ৰাজকুমাৰ ৰঞ্জন সিঙে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে মণিপুৰত শান্তি স্থাপনৰ চেষ্টা কৰি আছে । তাৰ মাজতে তেওঁৰ ঘৰত অগ্নিসংযোগ কৰাটো দুৰ্ভাগ্যজনক বুলি কয় । আনহাতে, মণিপুৰত সংঘটিত সংঘৰ্ষবোৰ ভুল বুজাবুজিৰ বাবে হোৱা বুলি উল্লেখ কৰি কয় যে এই সংঘৰ্ষ এৰাই চলিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে ।
দুটা দলৰ মাজত হোৱা সংঘাতৰ ফলতেই এই সংঘৰ্ষৰ সৃষ্টি হৈছে । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰে পৰা শান্তি প্ৰচেষ্টাৰ বাবে প্ৰচেষ্টা চলাই আহিছে । শান্তিৰক্ষী বাহিনী নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই থকা হৈছে । তেনে সময়তে এই অপ্ৰত্যাশিত ঘটনাটো ঘটে । আনহাতে, চৰকাৰে পৰিস্থিতি শান্ত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ কয় । একে সময়তে মন্ত্ৰীজনে আঙুলিয়াই দিয়ে যে মণিপুৰৰ সমস্যা কোনো ধৰ্মীয় সমস্যা নহয় । লগতে তেওঁ মণিপুৰত শান্তি স্থাপনৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনায় ।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত উন্মত্ত জনতাই আক্ৰমণ কৰে । পেট্ৰোল বোমা নিক্ষেপ কৰি তেওঁৰ ঘৰত জুই লগাই দিয়া হয় । আনহাতে, বৃহস্পতিবাৰে মণিপুৰ চৰকাৰৰ একমাত্ৰ মহিলা মন্ত্ৰী কাংপোকপিৰ বিধায়িকা নেমচা কিগপেনৰ ঘৰতো অগ্নিসংযোগ কৰে ক্ষুব্ধ জনতাই ।
লগতে পঢ়ক :Manipur Violence: ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জনৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ