ETV Bharat / bharat

Minister Kaushal Kishore: কংগ্ৰেছে এইবাৰ ৰায়বেৰেলী সমষ্টিও হেৰুৱাব; কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰ - ছোনীয়া গান্ধী

ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা আৰম্ভ হোৱাৰ লগতেই লগতেই ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে ৷

Minister Kaushal Kishore
Minister Kaushal Kishore
author img

By

Published : Aug 18, 2023, 10:44 PM IST

নেশ্যনেল ডেস্ক, 18 আগষ্ট: নৱনিযুক্ত উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে শুকুৰবাৰে কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এই বিষয়ে ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে ৷ তেওঁ কয় যে ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে, কিন্তু পূৰ্বৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত এবাৰো আমেথিলৈ তেওঁ অহা নাই ৷’’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰাহুলে কোন মুখেৰে আমেথিৰ জনসাধাৰণৰ ওচৰলৈ যাব । স্মৃতি ইৰাণীয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো তেওঁ একেৰাহে পাঁচ বছৰ ধৰি আমেথিৰ জনসাধাৰণৰ সেৱা অব্যাহত ৰাখিছে । কিন্তু ৰাহুলে আমেথিৰ লোকসকলৰ ফালে ঘূৰিও চোৱা নাই যেতিয়া ৰাইজে সুধিব, তেওঁ কি উত্তৰ দিব ? উত্তৰ প্ৰদেশ কংগ্ৰেছেও ৰাহুলক পছন্দ কৰা নাই, ৰাইজেও ৰাহুলক পছন্দ নকৰে ৷’’

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে লগতে উল্লেখ কৰিছিল যে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ৷ এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে কয়, ‘‘কংগ্ৰেছে এতিয়ালৈকে প্ৰিয়ংকা গান্ধীক নিৰ্বাচনত কিয় প্ৰাৰ্থিত্ব দিয়া নাছিল, সেয়াই ডাঙৰ প্ৰশ্ন । কিন্তু তেওঁ প্ৰতিদ্বন্দিতা কৰিলেও, এইবাৰ মোদীজীয়ে অধিক ভোট লাভ কৰি নিৰ্বাচনত জয়ী হ’ব । যি কংগ্ৰেছীয়ে ‘‘মোদীয়ে নিজৰ কবৰ খনন কৰিব’’ শ্লোগান দিছিল, তাৰ প্ৰত্যুত্তৰ ৰাইজে তেওঁলোকক দিব ৷’’

কংগ্ৰেছে ৰায়বেৰেলী আসনো হেৰুৱাব আৰু ছোনিয়া গান্ধী এইবাৰ নিৰ্বাচনত পৰাজিত হ’ব বুলিও কয় বিজেপি সাংসদ কৌশল কিশোৰে ৷

লগতে পঢ়ক: Controversial comment on BJP:কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.