ETV Bharat / bharat

Amit Shah rally in Patiala: ২৯ জানুৱাৰীত পাটিয়ালাত ৰেলীত অংশগ্ৰহণ কৰিব অমিত শ্বাহে - Former CM Captain Amarinder Singh

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে পাঞ্জাৱৰ ১৩ খন আসনতেই অকলে প্ৰতিদ্বন্দিতা কৰিব (Lok Sabha Election ২০২৪)। সেয়েহে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । ইয়াৰ অংশ ৰূপে অহা ২৯ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পাটিয়ালা ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত তেওঁ দলীয় কৰ্মীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি এক ৰেলীত অংশগ্ৰহণ কৰিব ।

Amit Shah rally in Patiala
পাটিয়ালাত ৰেলীত অংশগ্ৰহণ কৰিব অমিত শ্বাহে
author img

By

Published : Jan 16, 2023, 2:07 PM IST

নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে প্ৰস্তুতি আৰম্ভ কৰিছে (Preparations of BJP for Lok Sabha Election)। এই প্ৰস্তুতিৰ অংশ ৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা ২৯ জানুৱাৰীত পাটিয়ালাত এখন ৰেলীত অংশগ্ৰহণ কৰিব (Union Home Minister Amit Shah rally in Patiala) । উল্লেখ্য় যে পাটিয়ালা হৈছে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ দুৰ্গ । বিগত বিধানসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰাজয়ৰ পিছত আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ শক্তি প্ৰদৰ্শনৰ বাবে এক সুযোগ লাভ কৰিব ।

তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৯ জানুৱাৰীৰ পুৱা ১০ বজাত পাটিয়ালাত উপস্থিত হ'ব । ইয়াৰ পিছত তেওঁ প্ৰথমে গুৰুদ্বাৰা শ্ৰী দুখ নিৱাৰণ চাহিবত প্ৰাৰ্থনা জনাব (Gurdwara Sri Dukh Niwaran Sahib)। তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মাতা কালী দেৱী মন্দিৰত আশীৰ্বাদ ল'ব (Mata Kali Devi Temple) । ইয়াৰ পিছত শ্বাহে দলীয় কৰ্মীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব । ইয়াৰ পিছতেই তেওঁ এক ৰেলীত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য় যে, পাটিয়ালা চহখন কেপ্টেইন অমৰিন্দৰ সিঙৰ দুৰ্গ বাবেই এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । সূত্ৰ অনুসৰি কেপ্টেইন অমৰিন্দৰ সিঙৰ পৰিয়ালৰ সদস্য় ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটৰ শক্তিশালী দাবীদাৰ । আন এক সূত্ৰ অনুসৰি, কেপ্টেইন অমৰিন্দৰ সিঙৰ কন্য়া বিবা জয়ন্দৰ কৌৰে এই টিকটৰ বাবে প্ৰৱল দাবীদাৰ হিচাপে চৰ্চা হৈছে । উল্লেখ্য় যে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পত্নী মহাৰাণী প্ৰনীত কৌৰ কংগ্ৰেছ দলৰ এগৰাকী সাংসদ ।

২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত বিজেপিয়ে পাঞ্জাৱৰ ১৩ খন আসনৰ আটাইকেইখনতে অকলেই প্ৰতিদ্বন্দিতা কৰিব । কিয়নো বিজেপিৰ আকালি দলৰ (Akali Dal) সৈতে থকা মিত্ৰতাৰ কৃষি আইনৰ পূৰ্বে ভংগ হৈছিল (Agrarian Laws)। সেইবাবে এইবাৰ পাঞ্জাৱৰ পৰিস্থিতি বিজেপিৰ বাবে আগতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে । এইবাৰ বিজেপিয়ে শেহতীয়াকৈ কংগ্ৰেছৰ বহু প্ৰবীণ প্ৰাক্তন মন্ত্ৰীৰ উপৰিও কেপ্টেইন অমৰিন্দৰ সিং আৰু সুনীল জাখৰৰ সমৰ্থন লাভ কৰাত দলটোৱে ভাল ফলাফল দেখুৱাব বুলি আশা কৰা হৈছে (Former CM Captain Amarinder Singh)।

ইপিনে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহৰ এই ৰেলীক লৈ ইতিমধ্য়ে ব্য়াপক চৰ্চা হৈছে (Bharat Jodo Yatra)। কিয়নো পাঞ্জাৱত শেহতীয়াভাৱে হোৱা ৰেলীত ৰাহুল গান্ধীয়ে বিজেপিক লক্ষ্য কৰি লয় (Rahul Gandhis Bharat Jodo Yatra)। কিন্তু এই ভ্ৰমণৰ সময়ত তেওঁ আম আদমী পাৰ্টিী চৰকাৰৰ বিষয়ে কোনো মন্তব্য় কৰা নাই । ইয়াৰ বিপৰীতে তেওঁ কেন্দ্ৰীয় চৰকাৰকহে সমালোচনাৰ লক্ষ্য কৰি লৈছে । ৰাহুল গান্ধীয়ে জিএছটি, বিমুদ্ৰাকৰণ আৰু মুদ্ৰাস্ফীতিৰ দৰে বিষয়ত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে । সেয়েহে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এই ৰেলীৰ জৰিয়তে ৰাহুল গান্ধীৰ সমালোচনাক প্ৰত্য়ুত্তৰ দিয়াৰ সম্ভাৱনা আছে বুলি চৰ্চা হৈছে ।

লগতে পঢ়ক:Union Budget 2023: মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো নতুন কৰ আৰোপ কৰা নহয় বাজেটত; সীতাৰমণৰ আশ্বাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.