ETV Bharat / bharat

৮ জুলাইত মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা - শিৱসেনা

মোডীৰ দ্বিতীয় কাৰ্যকালৰ এইটো হ'ব প্ৰথম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ । বিজেপিৰ সকলো সাংসদক দিল্লীলৈ মাতি পঠিওৱা হৈছে । মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লগা কেইবাজনো দলৰ নেতাক দিল্লীলৈ মাতি পঠাইছে বুলি জানিব পৰা গৈছে । স্থান পাব লগীয়া সকলৰ ভিতৰত বিশেষভাৱে চৰ্চাত আছে সৰ্বানন্দ সোণোৱালৰ নাম ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে দিল্লীত বাহৰ পাতিছে গৈ সৰ্বানন্দ সোণোৱালে ৷

Union Cabinet reshuffle
৮ জুলাইত মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
author img

By

Published : Jul 6, 2021, 7:04 PM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই : সম্প্ৰতি দেশত কৰ'ণা (Corona) সংক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে দেশৰ ৰাজনীতিৰ এক বিশেষ খবৰে সংবাদ শিৰোনাম দখল কৰা দেখা গৈছে । সেয়া হৈছে মোডীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ (Cabinet expansion) । ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণকলৈ দেশজুৰি চৰ্চা অব্যাহত আছে ।

মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ বিশেষভাৱে উৎসাহী হৈ পৰা দেখা গৈছে অসমৰ ৰাইজৰ লগতে অসম বিজেপিকো ৷ কিয়নো এই সম্প্ৰসাৰণত এজন বিশেষ মানুহৰ নাম চৰ্চিত হৈ আছে ৷ তেওঁ হ’ল সৰ্বানন্দ সোণোৱাল ৷ মোডী মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে সোণোৱালে ৷

কাৰ কাৰ নাম মোডীৰ নতুন কেবিনেটত অন্তৰ্ভুক্ত হ'ব তাকলৈও দেশত কৌতূহলৰ সৃষ্টি হোৱা দেখা গৈছে । তাৰ মাজতে সূত্ৰৰ পৰা জানিব পৰা মতে অহা ৮ জুলাইত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ । মোডীৰ দ্বিতীয় কাৰ্যকালৰ এইটো হ'ব প্ৰথম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ।

ইফালে বিজেপিৰ সকলো সাংসদক অতি শীঘ্ৰে দিল্লীত উপস্থিত হ'বলৈ কোৱা হৈছে সেয়ে ধাৰণা কৰা হৈছে এই সপ্তাহতে সাম্ভাব্য নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰা হ'ব । অৱশ্যে ৮ জুলাইৰ দিনটো আশা কৰা হৈছে যদিও এতিয়ালৈ কোনো নিশ্চিত তথ্য পোহৰলৈ অহা নাই ।

দুদিনীয়াকৈ হিমাচল ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি (national president of BJP) জে পি নাড্ডা সন্ধিয়া নতুন দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে । মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লগা কেইবাজনো দলৰ নেতাক দিল্লীলৈ মাতি পঠাইছে বুলি জানিব পৰা গৈছে । আনকি জ্যোতিৰাদিত্য সিন্ধিয়া, যাক মোডী মন্ত্ৰীসভাত (Modi Cabinet) অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰ ভ্ৰমণ সামৰি ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হ'ব ।

ইতিমধ্যে মোডীৰ আমন্ত্ৰণ লাভ কৰি দিল্লীলৈ উৰা মাৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তেওঁ গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষ সূত্ৰই ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ ভাতৃ পশুপতি পাৰাছ, এন ডি এৰ (NDA) মিত্ৰজোঁটৰ জনতা দল-ইউনাইটেড (JDU)ৰ নেতা আৰ চি পি সিং আৰু ৰাজীৱ ৰঞ্জন ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হৈছে । ইফালে প্ৰথম কাৰ্যকালত মোডী চৰকাৰৰ অংশ হোৱা আপনা দলৰ (Apna dal) মুৰব্বী অনুপ্ৰিয়া পেটেলকো মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা আছে । সূত্ৰৰ মতে বিহাৰৰ পৰা চাৰিজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ।

ইফালে পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো চৰ্চাত আছে । শেহতীয়াকৈ, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটেও প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে । সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কেবিনেট সম্প্ৰসাৰণৰ বাবে সম্পূৰ্ণ চিন্তা চৰ্চাৰ পিছত কেবিনেটত স্থান পোৱাৰ সম্ভাৱনা থকা ২৫ গৰাকী প্ৰাৰ্থীৰ নাম ইতিমধ্যে পৰিষ্কাৰ হৈ পৰিছে ।

উল্লেখ্য যে, শিৱসেনা আৰু শিৰোমণি অকালি দলৰ মিত্ৰজোঁট ভংগৰ লগতে জন লোকশক্তি পাৰ্টিৰ ৰামবিলাস পাছোৱানৰ মৃত্যুৰ বাবে কেবিনেটৰ কেইবাটাও পদ খালী হৈ আছে । দলীয় সূত্ৰই পূৰ্বে উল্লেখ কৰিছিল যে মধ্য প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ ৰাজ্যৰ নেতাসকলকো মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা আছে । কিয়নো বিজেপিয়ে ভৱিষ্যতে এই ৰাজ্যসমূহত দলৰ সম্প্ৰসাৰণৰ লক্ষ্য আগত ৰাখিছে ।

লগতে পঢ়ক :দেশৰ 9 খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.