ETV Bharat / bharat

ইছলাম ধৰ্মীয় সুবিনা কিয় হ’ল গৈ চণ্ডাল - thrissur pooram

এগৰাকী মহিলা তাতে মুছলমান সম্প্ৰদায়ৰ ৷ কিন্তু পৰিয়ালক পোহপালৰ দিয়াৰ বাবেই এগৰাকী চণ্ডালৰ জীৱনক আকোঁৱালি ল’বলগীয়া হয় কেৰালাৰ ত্ৰিছুৰ জিলাৰ সুবিনাই ৷

Uninibited by criticism, Kerala woman cremates bodies
শ্মশানত এগৰাকী মুছলমান মহিলাৰ শৱদেহ সৎকাৰ
author img

By

Published : Jun 7, 2021, 4:23 PM IST

নিউজ ডেস্ক, 7 জুন : আমাৰ সমাজত বহু সময়ত এনে ব্যক্তিবিশেষ দেখা যায়, যাৰ কাম সমূহ আনতকৈ কিছু পৃথক ৷ 29 বছৰীয়া সুবিনাও তেনে এগৰাকী যুৱতী ৷ ইছলাম ধৰ্মাৱলম্বী হৈও এখন হিন্দু ধৰ্মীয় শ্মশানত মৃতদেহ সৎকাৰৰ কাম কৰে সুবিনাই ৷ ক’ৰণা মহামাৰী (Covid 19)ৰ ত্ৰাসৰ মাজতো নিজৰ জীৱনক তুচ্ছ কৰি কেৰালাৰ এইগৰাকী মুছলমান যুৱতীয়ে (Kerala Muslim woman) নিজ কৰ্মৰ জৰিয়তে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৷ একমাত্ৰ পৰিয়ালক পোহপাল দিয়াৰ বাবেই তেওঁ ধৰ্মীয় পৰম্পৰাৰ বিপৰীতে গৈ সমাজৰ সমালোচনাতো বিচলিত নহৈ এগৰাকী চণ্ডাল (cremates) ৰ কৰ্মক আকোঁৱালি লয় ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী, নাড্ডাৰে বৈঠক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ

সুবিনাই ইৰিংগালাক্কুদা মুক্তিথানৰ এখন শ্মশান (iringalakkuda Mukthisthan in Thrissur district)ত শৱদেহ সৎকাৰৰ কাম কৰে ৷ সুবিনাৰ পিতৃয়ে গছ কাটি থাকোতে মাটিত পৰি শয্যাশায়ী হ’বলগীয়া হয় । তেওঁৰ পূৰ্বে পাঁচটাকৈ অস্ত্ৰোপচাৰো হৈছিল ৷ আনহাতে সুবিনা ঘৰৰ আৰ্থিক অৱস্থাও শোচনীয় ৷ ঘৰৰ ডাঙৰ হোৱাৰ বাবে পিতৃৰ পাছত সুবিনাই ঘৰৰ দায়িত্ব ল’বলগীয়া হয় ৷ ভনীয়েকৰ বিয়াৰ দায়িত্ব বহন কৰিবলগীয়া হয় সুবিনাই ৷

বৰ্তমান নিজ কৰ্মত সুখী সুবিনা ৷ এগৰাকী মহিলা তাতে মুছলমান সম্প্ৰদায়ৰ ৷ কিন্তু পৰিয়ালক পোহপালৰ দিয়াৰ বাবেই এগৰাকী চণ্ডালৰ জীৱনক আকোঁৱালি ল’বলগীয়া হৈছিল সুবিনাই ৷ কিন্তু এতিয়া নিজৰ চাকৰিৰ বাবে গৌৰৱান্বিত সুবিনা । যেতিয়া সুবিনাক সোধা হৈছিল যে, তাই মৃতদেহ চম্ভালিবলৈ ভয় খাইছে নেকি ? সুবিনাই কেৱল হাঁহিছিল - স্পষ্টভাৱে কৈছিল, তাইৰ ওচৰত কোনো বিকল্প নাছিল । অৱশ্যে সুবিনাৰ স্বামী ৰহমানে সদায়েই সুবিনাক সমৰ্থন কৰিছিল ।

লগতে পঢ়ক : পুঞ্জত পাক্ অধিকৃত কাশ্মীৰ (POK)ৰ নাগৰিক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.