ETV Bharat / bharat

Bolero Crushed Students in Bihar : অনিয়ন্ত্ৰিত বলেৰ'ৱে মহটিয়ালে ৭ ছাত্ৰী; লাইভ ভিডিঅ' প্ৰকাশ্যে - Road accident in bettiah

বিহাৰৰ বেতীয়াৰ এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ প্ৰকাশ পাইছে । এখন অনিয়ন্ত্ৰিত বাহন বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰীৰ ওপৰেৰে পাৰ হৈ যায় । দুৰ্ঘটনাটোত ৭ গৰাকী ছাত্ৰী আহত হয় । ঘটনাটোৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে (Bolero Crushed Students in Bihar) ।

Bolero Crushed Students in Bihar
Bolero Crushed Students in Bihar
author img

By

Published : Jun 6, 2023, 7:40 PM IST

অনিয়ন্ত্ৰিত বলেৰ'ৱে মহটিয়ালে ৭ ছাত্ৰী

নিউজ ডেস্ক, ৬ জুন : বিহাৰৰ বেতীয়া জিলাত এখন দ্ৰুতবেগী বলেৰ'ৱে ৭ গৰাকী ছাত্ৰীক পিষ্ট কৰে (Bolero Crushed 7 girl Students in Bihar) । শনিবাৰে এই দুৰ্ঘটনাটো শংঘটিত হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । দুৰ্ঘটনাটোত আটাইকেইগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হয় । তেওঁলোকক বেতীয়া জিএমচিএইচত চিকিৎসা কৰি থকা হৈছে (Bettiah GMCH) । আনহাতে, অনিয়ন্ত্ৰিত বলেৰ'খনৰ দ্বাৰা সংঘটিত এই দুৰ্ঘটনাৰ চিচি টিভিৰ এটা ভিডিঅ' সম্প্ৰতি পোহৰলৈ আহিছে । ঘটনাটো লাউৰিয়া-বেতীয়া মুখ্য পথত সংঘটিত হয় (Road accident in bettiah) ।

জানিব পৰা মতে, এই ভয়ংকৰ পথ দুৰ্ঘটনাটো লাউৰিয়াৰ হিৰো এজেন্সীৰ ওচৰত সংঘটিত হয় । আনহাতে, দুৰ্ঘটনাটোত পতিত আটাইকেইগৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয় । তেওঁলোকক পোনতে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে বেতীয়া জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় (Bolero Crushed Students in Bettiah Bihar) । শিক্ষাৰ্থীকেইগৰাকী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰী আৰু তেওঁলোক কোচিঙৰ বাবে গৈ আছিল । ঠিক তেনে সময়তে পিছফালৰ পৰা অহা অনিয়ন্ত্ৰিত বলেৰ'খনে তেওঁলোকক মহটিয়াই লৈ যায় । ঘটনাটোৰ পিছতে অঞ্চলটোত হুলস্থুলৰ সৃষ্টি হয় । লগতে তাত গোট খোৱা লোকসকলে ছাত্ৰীকেইগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে । ঘটনাটোৰ চিচি টিভি ফুটেজো পোহৰলৈ আহিছে ।

ইফালে স্থানীয় লোকসকলে বলেৰ' চালকজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে । লগতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে বলেৰ'খন জব্দ কৰে । দুৰ্ঘটনাটোত আহত হোৱা এগৰাকী শিক্ষাৰ্থীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহত ছাত্ৰীকেইগৰাকী হৈছে পূজা কুমাৰী, মমতা কুমাৰী, সন্ধ্যা কুমাৰী, সৰু কুমাৰী, অঞ্জলি কুমাৰী আৰু এণ্টিমা কুমাৰী । তেওঁলোকৰ বেতীয়া জিএমচিএইচত চিকিৎসা চলি আছে ।

উল্লেখ্য, বিহাৰৰ বেতীয়া জিলাত শোহতীয়াভাৱে সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত কেইবাজনো লোক নিহত হোৱাৰ উপৰি আন বহু লোক আহত হৈছে ।

লগতে পঢ়ক :Balasore Train Accident : ওড়িশা চৰকাৰৰ সন্মতি; বালাছোৰ ৰে'ল দুৰ্ঘটনাত গোচৰ ৰুজু চিবিআইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.