ETV Bharat / bharat

Green Climate Fund: গ্ৰীণ ক্লাইমেট ফাণ্ডলৈ ২ বিলিয়ন ডলাৰ প্ৰদানৰ ঘোষণা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

বিশ্বক জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে গ্ৰীণ ক্লাইমেট ফাণ্ডলৈ ২ বিলিয়ন ডলাৰ প্ৰদানৰ ঘোষণা কৰিছে । জি-২০ বৈঠকৰ সামৰণি অনুষ্ঠানত তেওঁৰ সহযোগীসকলক কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ছুনাকে আহ্বান জনাইছে ।

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:18 PM IST

Green Climate Fund
গ্ৰীণ ক্লাইমেট ফাণ্ডলৈ ২ বিলিয়ন ডলাৰ প্ৰদানৰ ঘোষণা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ: ভাৰতত অনুষ্ঠিত জি-২০ বৈঠকত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিছে । এই বৈঠকৰ মাজত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ গুৰুত্বপূৰ্ণ ঘোষণা । বিশ্বক জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাত সহায় কৰাৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰীণ ক্লাইমেট ফাণ্ডক ২ বিলিয়ন ডলাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । কোপেনহেগেন চুক্তিৰ পাছত ১৯৪ খন দেশে স্থাপন কৰিছিল এই গ্ৰীণ ক্লাইমেট ফাণ্ড । ভাৰতৰ ব্ৰিটিছ হাই কমিছনে প্ৰধানমন্ত্ৰীগৰাকীৰ ঘোষণাৰ কথা প্ৰকাশ কৰে ।

  • We're delivering on our commitment to help the world deal with climate change:

    🍃 Provide $2bn to the Green Climate Fund
    📈 Decarbonising our own economy
    🌍 Supporting the world’s most vulnerable to deal with the impact of climate change

    — UK Prime Minister (@10DowningStreet) September 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী সুনকে নতুন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকৰ সামৰণি অনুষ্ঠানত তেওঁৰ সহযোগীসকলক কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু সংযুক্ত আৰৱ আমিৰ শ্বাহিত অনুষ্ঠিত হ'বলগীয়া চিঅ'পি ২৮ জলবায়ু সন্মিলনৰ প্ৰস্তুতিৰ বাবে অৰ্থনৈতিকভাৱে দুৰ্বল ৰাষ্ট্ৰসমূহক সহায় কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনায় । ব্ৰিটিছ চৰকাৰে কয় যে দেশখনৰ বিত্তীয় প্ৰতিশ্ৰুতি ২০২০ ৰ পৰা ২০২৩ চনৰ তুলনাত ২০২৪ চনৰ পৰা ২০২৭ চনলৈ ১২.৭ শতাংশ বৃদ্ধি পাইছে ।

কানকুন চুক্তিৰ জৰিয়তে ২০১০ চনত আৰম্ভ কৰা গ্ৰীণ ক্লাইমেট ফাণ্ডে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন আৰু পেৰিছ চুক্তিৰ বাবে বিত্তীয় সঁজুলি হিচাপে কাম কৰে । ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে বিশ্ব সম্প্ৰদায়ক প্ৰশমন আৰু অভিযোজন দুয়োটাৰ বাবে ইয়াৰ উদ্দেশ্যত উপনীত হোৱাত সহায় কৰা ।

বিবৃতি অনুসৰি, ছুনাকে ঘোষণা কৰা বিত্তীয় প্ৰতিশ্ৰুতি হৈছে আন্তৰ্জাতিক জলবায়ু বিত্তীয় যোগানত প্ৰায় ৪.৪৬ বিলিয়ন ডলাৰ প্ৰদান কৰাৰ ব্ৰিটিছ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ অংশ ।

লগতে পঢ়ক :Assam CM Sarma in G20 dinner: ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা নৈশ ভোজন অনুষ্ঠানত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.